ইণ্টাৰনেশ্যনেল ডেস্ক, 5 ডিচেম্বৰ: চীনৰ এটা কয়লাখনিত অত্য়াধিক কাৰ্বন মন'ক্সাইড নিৰ্গমৰ ফলত 18 গৰকীকৈ লোকে মৃত্যুক সাৱটি লয় । শনিবাৰে এগৰাকী বিষয়াই জানিবলৈ দিয়ে এই কথা ।
সন্ধিয়া প্ৰায় 5 বজাত এই দুৰ্ঘটনা সংঘটিত হয় । চিন্হুৱা এজেন্সীয়ে প্ৰকাশ কৰা প্ৰতিবাদেন অনুসৰি, এই ঘটনা শুকুৰবাৰে য়ংচুৱান জিলাৰ ডায়েশ্বুইদঙত সংঘটিত হৈছে । প্ৰাপ্ত তথ্য অনুসৰি, খনিটো দুমাহ পূৰ্বে বন্ধ কৰি দিয়া হৈছিল । ঘটনা সন্দৰ্ভত সম্প্ৰতি তদন্ত অব্য়াহত আছে ।
লগতে পঢ়ক: বনজুইৰ বাবে দক্ষিণ কেলিফ'ৰ্ণিয়াৰ 25,000 লোকক স্থানান্তৰ