ETV Bharat / international

ক্লিনিকেল ট্ৰায়েলতে সীমাবদ্ধ ৰাখক হাইড্ৰ'ক্সিক্ল'ৰকুইন : WHO

author img

By

Published : May 21, 2020, 4:00 PM IST

WHO ৰ স্বাস্থ্য আপাতকালীন অভিযানৰ কাৰ্যকৰী সঞ্চালক ডঃ মাইকেল ৰিয়ানৰ সতৰ্কবাণী ৷ হাইড্ৰ'ক্সিক্ল'ৰকুইনৰ ব্যৱহাৰ ক্লিনিকেল ট্ৰায়েলতে সীমাবদ্ধ ৰাখিবলৈ পৰামৰ্শ ৰিয়ানৰ ৷

ডঃ মাইকেল ৰিয়ানৰ সতৰ্কবাণী
ক্লিনিকেল ট্ৰায়েলতে সীমাবদ্ধ ৰাখক হাইড্ৰ'ক্সিক্ল'ৰকুইন : WHO

ইন্টাৰনেশ্যনেল ডেস্ক, 21 মে': বিশ্ব স্বাস্থ্য সংস্থাৰ এজন শীৰ্ষ বিষয়াই সতৰ্কবাণী প্ৰেৰণ কৰিছে যে, মেলেৰিয়া আৰু অন্য ৰোগ নিৰাময়ৰ বাবে ব্যৱহৃত হাইড্ৰ'ক্সিক্ল'ৰকুইন আৰু ক্ল'ৰকুইনৰ ব্যৱহাৰ ক্লিনিকেল ট্ৰায়েলতে সীমাবদ্ধ থকা উচিত ৷ কিছু সংখ্যক দেশত COVID-19 ৰোগীৰ চিকিৎসাৰ বাবে হাইড্ৰ'ক্সিক্ল'ৰকুইন ব্যৱহাৰ কৰাক লৈ সোধা এক প্ৰশ্নৰ উত্তৰত এনেদৰে কয় WHO ৰ স্বাস্থ্য আপাতকালীন অভিযানৰ কাৰ্যকৰী সঞ্চালক ডঃ মাইকেল ৰিয়ানে ৷

বুধবাৰে সংবাদ মাধ্যম সম্বোধন কৰি তেওঁ কয় যে, বহু ৰোগৰ চিকিৎসাৰ বাবে এই দুয়োবিধ ঔষধ প্ৰদান কৰিবলৈ অনুমতি লাভ কৰা হৈছে ৷ কিন্তু, COVID-19 নিৰাময়ৰ বাবে ইয়াৰ ব্যৱহাৰক লৈ এতিয়াও চিকিৎসক সকল সম্পূৰ্ণ নিশ্চিত হোৱা নাই ৷

ৰিয়ানে কয়, "এই ঔষধৰ পাৰ্শ্বক্ৰিয়া সম্পৰ্কত বহু কৰ্তৃপক্ষই সতৰ্কবাণী প্ৰেৰণ কৰিছে ৷ বহু দেশে এই ঔষধৰ ব্যৱহাৰ ক্লিনিকেল ট্ৰায়েলতে সীমাবদ্ধ ৰখাৰ লগতে COVID-19 ৰ চিকিৎসাৰ বাবে ক্লিনিচিয়ানৰ পৰামৰ্শৰ ভিত্তিতহে হাস্পতালত ব্যৱহাৰ কৰিছে, যিহেতু ইয়াৰ ফলত বহুসংখ্যক পাৰ্শ্বক্ৰিয়া পৰিলক্ষিত হোৱাৰ সম্ভাৱনা আছে ৷"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.