ইণ্টাৰনেশ্যনেল ডেস্ক,২৭ মাৰ্চ: বিশ্বৰ ভিন্ন প্ৰান্তত শেহতীয়াকৈ কৰ'ণা ভাইৰাছে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । বহু স্থানত লকডাউন ঘোষণা কৰাৰ পৰিৱেশৰো সূচনা হৈছে । অৱশ্যে তাৰ মাজতে বিশ্বৰ ভিন্ন প্ৰান্তত কৰ'ণা প্ৰতিষেধক প্ৰদানৰ অভিযানো অব্যাহত আছে । কিন্তু এই প্ৰতিষেধক যথেষ্ট নহয় সমগ্ৰ বিশ্বৰ বাবে । সেয়ে সমগ্ৰ বিশ্বলৈ বিশেষ আহ্বান বিশ্ব স্বাস্থ্য সংস্থাৰ ।
বিশ্বৰ ধনী দেশসমূহক অতি কমেও ১০ নিযুত কৰ'ণা প্ৰতিষেধক দানৰ আহ্বান বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধানৰ । কিয়নো বিশ্ব স্বাস্থ্য সংস্থাই ২০২১ৰ প্ৰথম ১০০ দিনৰ ভিতৰত সকলো দেশত টীকাকৰণৰ পৰিকল্পনা কৰিছে ।
বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেড্ৰ'ছ আধান'ম ঘেব্ৰেয়েচাচে কয় যে, ৰাষ্ট্ৰ সংঘৰ এই আহ্বানৰ উদ্দেশ্য হৈছে সকলো দেশতে ভেকছিনৰ যোগান ধৰা কিয়নো এতিয়াও বিশ্বৰ প্ৰায় ২০ খন দেশে কৰ'ণা প্ৰতিষেধকৰ প্ৰথম পালি দৰৱৰ বাবে অপেক্ষাত আছে । সঞ্চালক প্ৰধান গৰাকীৰ মতে ইতিমধ্যে প্ৰতিষেধক নিৰ্মাতাসকলক উৎপাদন বৃদ্ধি কৰিবলৈ আহ্বান জনাইছে বিশ্ব স্বাস্থ্য সংস্থাই যাতে দুখীয়া দেশসমূহলৈও প্ৰেৰণ কৰিব পাৰে প্ৰতিষেধক ।
আনহাতে, একাংশ দেশত প্ৰতিষেধকৰ ব্যক্তিগত চুক্তি হোৱা সন্দৰ্ভত সঞ্চালক প্ৰধান গৰাকীয়ে সতৰ্ক কৰি দিয়ে লগতে আগন্তুক মাহত বহু লাখ প্ৰতিষেধকৰ প্ৰয়োজন বুলিও নিৰ্মাতাক জনোৱা বুলি তেওঁ উল্লেখ কৰে ।
লগতে পঢ়ক:ক’ভিড-১৯ ৰ প্ৰতিষেধকৰ বাবে ভাৰত আৰু চীনৰ কাষ চাপিছে নেপাল