ETV Bharat / international

বিশ্বত 24 ঘণ্টাত Covid-19ৰ নতুন 14,000 হাজাৰ ঘটনা - 24 ঘণ্টাত Covid-19 ৰ ঘটনা 14,000 হাজাৰ ঘটনা

অব্যাহত আছে কৰ’ণা ভাইৰাছৰ ভয়াৱহতা ৷ দিনক দিনে বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা ৷ বিগত 24 ঘণ্টাত পোহৰলৈ আহিছে 14,000 হাজাৰ নতুন ঘটনা ৷

বিশ্বত 24 ঘণ্টাত Covid-19 ৰ নতুন 14,000 হাজাৰ ঘটনা

author img

By

Published : Mar 17, 2020, 3:17 PM IST

নিউজ ডেস্ক, 17 মাৰ্চ: সমগ্ৰ বিশ্বতে সংহাৰী ৰূপ ধাৰণ কৰিছে Covid-19 মহামাৰীয়ে ৷ শেহতীয়াকৈ 24 ঘণ্টাত পোহৰলৈ আহিছে 14,000 হাজাৰ কোভিড-19 ৰ নতুন সংক্ৰমণৰ ঘটনা ৷ বৰ্তমানলৈকে বিশ্বত ইয়াৰ সংখ্যা বৃদ্ধি পাই হৈছে গৈ 1,83,109 ৷ ইয়াৰে 7,175 গৰাকী মৃত্যু হোৱাৰ বিপৰীতে 79,897 গৰাকী লোক আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে ৷

কৰ’ণা আমেৰিকাত ভাইৰাছৰ প্ৰতিষেধকৰ ট্ৰাইল

আনহাতে ভাৰতত বৰ্তমানলৈকে এই ভাইৰাছত আক্ৰান্ত হৈছে 126 গৰাকী লোক ৷ ইয়াৰ 22 গৰাকী লোক হৈছে বিদেশী মূলৰ ৷ আনহাতে 3 গৰাকী লোকৰ মৃত্যু হৈছে ৷ প্ৰথমগৰাকী কৰ্ণাটকত আৰু দ্বিতীয়গৰাকীত দিল্লীত হোৱাৰ বিপৰীতে মঙলবাৰে পুনৰ এজন লোকৰ মৃত্যু হয় মহাৰাষ্ট্ৰত ৷ আটাইতকৈ বেছি প্ৰভাৱিত কৰিছে মহাৰাষ্ট্ৰক ৷ বৰ্তমানলৈকে ৰাজ্যখনৰ 36 জন লোকৰ দেহত ধৰা পৰিছে এই মাৰাত্মক বীজাণুৰ অৱস্থিতি ৷ ইয়াৰ পাচতেই আছে কেৰালাৰ স্থান ৷ য’ত 22 টা ঘটনা পোহৰলৈ আহিছে ৷

বৰ্তমানলৈকে কৰ’ণা ভাইৰাছৰ প্ৰতিষেধক তৈয়াৰ কৰাৰ বাবে জোৰদাৰ চেষ্টা অব্যাহত ৰাখিছে বিভিন্ন দেশে ৷ আমেৰিকাৰ নেশ্যনেল ইনষ্টিটিউট অফ হেল্থ (NIH) প্ৰতিষ্ঠানে চলাইছে কৰ’ণা ভাইৰাছৰ প্ৰতিষেধকৰ ট্ৰাইল ৷ চিয়েটেলৰ কাইছেৰ পাৰমেণ্টে ৱাছিংটন স্বাস্থ্য গৱেষণা কেন্দ্ৰত চলাই থকা হৈছে ট্ৰাইল ৷ সোমবাৰে প্ৰথমগৰাকী স্বেচ্ছাসেৱকৰ দেহত ট্ৰাইল কৰা হয় প্ৰতিষেধকৰ ৷

লগতে চাওক- আমেৰিকাই আৰম্ভ কৰিছে কৰ’ণা ভাইৰাছৰ প্ৰতিষেধকৰ পৰীক্ষণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.