ETV Bharat / international

আমেৰিকাই সফল পৰীক্ষণ কৰিলে আন এক হাইপাৰছ'নিক মিছাইলৰ

author img

By

Published : Jul 18, 2020, 3:43 PM IST

আমেৰিকাই শেহতীয়াকৈ এক হাইপাৰছ'নিক মিছাইলৰ সফল পৰীক্ষণ সম্পন্ন কৰে ৷ এইটো মিছাইল পাৰমাণৱিক ক্ষমতাসম্পন্ন নহয় বুলি আমেৰিকাই প্ৰকাশ কৰিছে ৷

আমেৰিকাই সফল পৰীক্ষণ কৰিলে আন এক হাইপাৰছ'নিক মিছাইলৰ
আমেৰিকাই সফল পৰীক্ষণ কৰিলে আন এক হাইপাৰছ'নিক মিছাইলৰ

নিউজ ডেস্ক, 18 জুলাই : আমেৰিকাই শেহতীয়াকৈ আন এক হাইপাৰছ'নিক মিছাইলৰ সফল পৰীক্ষণ সম্পন্ন কৰে ৷ শব্দতকৈ 17 গুন অধিক গতিৰ এইটো মিছাইল পাৰমাণৱিক ক্ষমতাসম্পন্ন নহয় বুলি আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ এগৰাকী শীৰ্ষ বিষয়াই উল্লেখ কৰে ৷

বিগত বৃহস্পতিবাৰে আমেৰিকাই এইটো মিছাইলৰ পৰীক্ষণ সম্পন্ন কৰে ৷ প্ৰশান্ত মহাসাগৰীয় অঞ্চলত মিছাইলটোৰ পৰীক্ষণ সম্পন্ন কৰা হয় বুলি প্ৰতিৰক্ষা বিষয়াগৰাকীয়ে উল্লেখ কৰে ৷ হাইপাৰছ'নিক গ্লাইড সম্পন্ন মিছাইলটোৰ প্ৰাৰম্ভিক পৰীক্ষণ মাৰ্চত সম্পন্ন কৰা হৈছিল আৰু শেহতীয়াকৈ ইয়াৰ পূৰ্ণকালীন পৰীক্ষণ সম্পন্ন কৰা হয় আৰু ইয়াত আমেৰিকাৰ সামৰিক বাহিনীয়ে সফলতা লাভ কৰে ৷

দেশখনৰ এগৰাকী শীৰ্ষ সামৰিক বিষয়াই প্ৰকাশ কৰা অনুসৰি,চলিত বৰ্ষৰ শেষৰ ফালে দেশখনে আন এক হাইপাৰছ'নিক ক্ৰুইছ মিছাইলৰ পৰীক্ষণ অনুষ্ঠিত কৰিব ৷ এইটো মিছাইলো কোনোধৰণৰ পাৰমাণৱিক ক্ষমতাৰে সংযুক্ত নহয় বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ৷

বিগত মে'ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে শব্দতকৈ 17 গুণ অধিক গতিৰ এক হাইপাৰছ'নিক মিছাইলৰ কথা ঘোষণা কৰিছিল ৷ বিগত 30 জুনত আমেৰিকাৰ প্ৰতিৰক্ষা গৱেষণা অভিযান্ত্ৰিক বিভাগৰ বিষয়া মাৰ্ক লেৱিছে প্ৰকাশ কৰা অনুসৰি,আমেৰিকাই 2025লৈ হাইপাৰছ'নিক মিছাইলৰ ক্ষেত্ৰখনত অধিক অগ্ৰগতি লাভ কৰিব আৰু ইয়াৰ প্ৰাৰম্ভিক উন্নয়ন আৰু আৰ্হি প্ৰস্তুতকৰণৰ কামত দেশখনে ইতিমধ্যে অগ্ৰগতি লাভ কৰিছে বুলি প্ৰকাশ কৰে ৷ বিভাগটোৱে আগন্তুক চাৰি বৰ্ষৰ ভিতৰত প্ৰশান্ত মহাসাগৰত হাইপাৰছ'নিক মিছাইলৰ এনেকুৱা প্ৰায় 40 টা পৰীক্ষণ সম্পন্ন কৰাৰ কথা প্ৰকাশ কৰে ৷

লগতে পঢ়কঃ ৰাছিয়াৰ সামৰিক বাহিনীৰ বৃহৎ অনুশীলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.