ETV Bharat / international

চুডানৰ নাম সন্ত্ৰাসবাদৰ তালিকাৰ পৰা কৰ্তন আমেৰিকাৰ - US State Sponsors of Terrorism list

কংগ্ৰেছক শেহতীয়াকৈ প্ৰেৰণ কৰা এখন পত্ৰত আমেৰিকা ৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰাম্পে সন্ত্ৰাসবাদ সমৰ্থন কৰা দেশৰ তালিকা ৰ পৰা চুডানৰ নাম কৰ্তন কৰিব আহ্বান কৰে । বিগত অক্টোবৰত চুডানে আৰু ভৱিষ্যতে সন্ত্ৰাসবাদক সমৰ্থন নকৰে বুলি জাননী দিছিল ।

চুডানৰ নাম সন্ত্ৰাসবাদৰ তালিকাৰ পৰা কৰ্তন আমেৰিকাৰ

author img

By

Published : Dec 14, 2020, 7:32 PM IST

নিউজ ডেস্ক, ১৪ ডিচেম্বৰ : সন্ত্ৰাসবাদ সমৰ্থন কৰা দেশৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ল চুডানৰ নাম । আমেৰিকাৰ গৃহ সচিব মাইক পম্পিওৱে এই সন্দৰ্ভত এক জাননীত ইতিমধ্যে স্বাক্ষৰ কৰিছে । চুডানৰ ৰাজধানী খাৰ্তুমস্থিত আমেৰিকাৰ উচ্চায়ুক্তৰ কাৰ্যালয়ে এই তথ্য প্ৰকাশ কৰিছে ।

ইয়াৰ পূৰ্বে বিগত অক্টোবৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি য়ে ৩৩৫ মিলিয়ন আমেৰিকান ডলাৰৰ বিনিময়ত চুডানক এই সূচীৰ পৰা কৰ্তন কৰা ৰ বিষয়ে উল্লেখ কৰিছিল আৰু ইয়াৰ বাবে ৪৫ দিনৰ সময় বান্ধি দিয়া হৈছিল ।

২০১৯ত প্ৰাক্তন নেতা ওমৰ অল বছিৰক ওফৰোৱাৰ পিছত এতিয়া দেশখনলৈ শান্তি ঘূৰি আহিছে । ১৯৯৩ ত চুডানক এই সূচীৰ অন্তৰ্ভুক্ত কৰিছিল আমেৰিকাই । অল-কায়দাৰ নেতা ওচামা বিন লাডেনক ৫ বছৰ আ‌‌‍‌‍‌‌শ্ৰয় দি ৰাখিছিল দেশখনে ।

লগতে পঢ়ক : কৰ্ণাটকৰ ৱিষ্ট্ৰন কোম্পানীত কৰ্মচাৰীৰ সংঘাতত 437.40 কোটিৰ লোকচান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.