নিউজ ডেস্ক, ১১ জুলাইঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰামে মেধাৰ ভিত্তিত প্ৰব্ৰজনকাৰী প্ৰণালী প্ৰতিষ্ঠাৰ কৰাৰ বাবে এটা এটি দলে কাম কৰিছে বুলি সদৰি কৰে হোৱাইট হাউছে । টেলিমুণ্ড নিউজ চেনেলৰ সৈতে হোৱা এটি সাক্ষাৎকাৰত হোৱাইট হাউছৰ এক বিবৃতিযোগে প্ৰকাশ কৰে যে প্ৰব্ৰজনকাৰীৰ বিষয় সন্দৰ্ভত ট্ৰাম্পৰ এক আদেশৰ ভিত্তিতে এটি দলে কাম কৰিছে । য'ত Deferred Action for Childhood Arrivals (DACA) কাৰ্যক্ৰমৰ জৰিয়তে নাগৰিকত্বৰ প্ৰদানৰ দিশ অন্তৰ্ভুক্ত কৰা হ'ব ।
আনহাতে, এটা প্ৰশ্নৰ উত্তৰত ট্ৰাম্পে কয় DACA ৰ জৰিয়তে প্ৰব্ৰজনকাৰী বিষয় সন্দৰ্ভত এখন ঐতিহাসিক আৰু ডাঙৰ বিলৰ অংশ হ'বলৈ গৈ আছে । এইখন এখন ডাঙৰ বিল,লগতে এখন বহুত ভাল বিল । এই বিলখন যোগ্যতাৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হ'ব। আৰু ইয়াত DACA অন্তৰ্ভুক্ত হ'ব। মই ভাবো জনসাধাৰণ এই বিলখনক লৈ সন্তুষ্টি প্ৰকাশ কৰিব ।
লগতে চাওকঃ জম্মু কাশ্মীৰত নিহত দুই সন্ত্ৰাসবাদী