নিউজ ডেস্ক, 9 এপ্ৰিলঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে বুধবাৰে ভাৰতক ধন্যবাদ জ্ঞাপন কৰে ৷ ভাৰতৰ মেলেৰিয়া ড্ৰাগ হাইড্ৰ’ক্সিক্লৰ’কুইন আমেৰিকালৈ ৰপ্তানিৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিচতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জ্ঞাপন কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ ট্ৰাম্পে এই সন্দৰ্ভত এক টুইট কৰে ৷ আমেৰিকাত কোভিড-19ত আক্ৰান্তৰ সংখ্যা ভয়ানকভাৱে বৃদ্ধি পোৱাৰ পিচতেই ভাৰতৰ এই বিশেষ ড্ৰাগটো বিচাৰিছিল আমেৰিকাই ৷ কিন্তু ভাৰতত কৰ’ণা ভাইৰাছৰ লক্ষণ দেখা দিয়াৰ আৰম্ভনিতে ইয়াৰ ৰপ্তানিত নিষেধাজ্ঞা জাৰী কৰিছিল ভাৰতে ৷ ইয়াৰ পিচতেই আমেৰিকাই ভাৰতক এইক্ষেত্ৰত সাৱধানবাণী প্ৰদান কৰিছিল ৷ কিন্তু ভাৰতে কেৱল আমেৰিকাকে নধৰি বিশ্বৰ বহুকেইখন দেশলৈ এই ড্ৰাগৰ ৰপ্তানি কৰিবলৈ আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰে ৷
আমেৰিকাৰ Food and Drug Administrationএ হাইড্ৰক্সিক্লৰ’কুইনক কোভিড-19ৰ সম্ভাৱ্য মেডিচিন হিচাপে চিনাক্ত কৰিছে আৰু ইয়াৰ পৰীক্ষণ কৰিব বিচাৰিছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিততে আমেৰিকাই ভাৰতৰ পৰা প্ৰায় 29 মিলিয়ন হাইড্ৰক্সিক্লৰ’কুইন মেডিচিন ৰপ্তানিৰ কথা প্ৰকাশ কৰে ৷
এই হাইড্ৰক্সিক্লৰ’কুইন হৈছে দামী আৰু পুৰনা মেডিচিন যাক ভাৰতত মেলেৰিয়া ৰোগৰ বাবে ব্যৱহাৰ কৰা হৈছিল ৷ ভাৰতে সোমবাৰে হাইড্ৰক্সিক্লৰ’কুইনৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লোৱাৰ লগতে গুজৰাটৰ তিনিটাকৈ কোম্পানীয়ে আমেৰিকালৈ এই ড্ৰাগ যোগান ধৰিব বুলি জানিব পৰা গৈছে ৷