ETV Bharat / international

শেষৰটো তৰ্কযুদ্ধত বৈদেশিক নীতিক অন্তৰ্ভুক্ত কৰাৰ দাবী ট্ৰাম্পৰ - শেষৰটো তৰ্কযুদ্ধত বৈদেশিক নীতিক অন্তৰ্ভূক্ত

ট্ৰাম্পৰ নিৰ্বাচনী প্ৰচাৰৰ ব্যৱস্থাপক বিল ষ্টেপইনে ৰাষ্ট্ৰপতি নিৰ্বাচন আয়ুক্তলৈ এক পত্ৰ প্ৰেৰণ কৰি অক্টোবৰ 22ত অনুষ্ঠিত হ'বলগীয়া তৰ্কৰ বাবে পুনৰ ভাবিবলৈ আহ্বান জনাইছে ৷ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ শেষৰটো তৰ্কত আমেৰিকাৰ বৈদেশিক নীতি অন্তৰ্ভুক্ত কৰাৰ বাবে নিৰ্বাচনী আয়ুক্তক পত্ৰযোগে আহ্বান জনাইছে বিলে ৷

শেষৰটো তৰ্কযুদ্ধত বৈদেশিক নীতিক অন্তৰ্ভুক্ত কৰাৰ দাবী ট্ৰাম্পৰ

author img

By

Published : Oct 20, 2020, 1:21 PM IST

নিউজ ডেস্ক, 20 অক্টোবৰ : আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ শেষৰটো তৰ্কত বৈদেশিক নীতি অন্তৰ্ভূক্ত কৰাৰ বাবে আহ্বান জনাইছে ট্ৰাম্পে ৷ ট্ৰাম্পৰ নিৰ্বাচনী প্ৰচাৰৰ ব্যৱস্থাপক বিল ষ্টেপইনে এই সন্দৰ্ভত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ আয়ুক্তলৈ এক পত্ৰ প্ৰেৰণ কৰিছে ৷ অক্টোবৰ 22ত অনুষ্ঠিত হ'বলগীয়া শেষৰটো তৰ্কত আমেৰিকাৰ বৈদেশিক নীতি সংলগ্ন কৰাৰ লগতে তৰ্ক পৰিচালকে মাইক্ৰফোনৰ সংযোগ বিচ্ছিন্ন কৰি দিয়া ক্ষমতা বাতিলৰ বাবে পত্ৰখনত উল্লেখ কৰে ৷

লগতে পঢ়ক : 2020ৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাজিত হ'ব নেকি ট্ৰাম্প ?

আমেৰিকাৰ ৰাইজৰ লগতে নিৰ্বাচনী প্ৰচাৰৰ অখণ্ডতা বৰ্তাই ৰাখিবলৈ অক্টোবৰ 22ৰ শেষৰটো ৰাষ্ট্ৰপতি তৰ্কৰ বিষয়সমূহ পুনৰাই ভাবি লৈ ইয়াত বৈদেশিক নীতিৰ দৰে বিষয়টো অন্তৰ্ভূক্ত কৰাৰ বাবে পত্ৰখনত উল্লেখ কৰে বিলে ৷ বিলৰ মতে তৰ্কৰ পৰিচালকে কোভিড-19ৰ বিৰুদ্ধে যুঁজ,আমেৰিকাৰ পৰিয়াল, আমেৰিকাৰ বৰ্ণ,জৈৱ বৈচিত্ৰ্যৰ পৰিৱৰ্তন,ৰাষ্ট্ৰীয় সুৰক্ষা আৰু নেতৃত্ব আদিৰ দৰে কম সংখ্যক বিষয়হে সামৰি লয় ৷ কিন্তু বৈদেশিক নীতিৰ দৰে গুৰুত্বপূৰ্ণ বিষয়টো এৰাই চলাটো একেবাৰে ভিত্তিহীন ৷ সেয়ে আগন্তুক তথা শেষৰটো তৰ্কত বৈদেশিক নীতি অন্তৰ্ভূক্ত কৰাটো অতিকে গুৰুত্বপূৰ্ণ বিষয় হিচাপে গুৰুত্ব প্ৰদান কৰিব লাগে ৷ আনহাতে পত্ৰখনত তৰ্ক পৰিচালকৰ হাতত থকা মাইক্ৰফোনৰ নিয়ন্ত্ৰণ বাতিল কৰিবলৈয়ো উল্লেখ কৰে বিলে ৷

লগতে পঢ়ক : কমলা হেৰিছ-এক দক্ষিণ এছীয় প্ৰৱজনকাৰী আমেৰিকাবাসীৰ সপোন

ট্ৰাম্প কোভিড-19ত আক্ৰান্ত হোৱাৰ পিচতেই দ্বিতীয় পৰ্যায়ৰ ৰাষ্ট্ৰপতি তৰ্ক বাতিল কৰা হৈছিল ৷ অৱশ্যে ট্ৰাম্পে আৰোগ্য হোৱাৰ পিচত ভাৰ্চুৱেলী তৰ্কত অংশগ্ৰহণ কৰাৰ বাবে মত প্ৰকাশ কৰিছিল যদিও বিদেনে ভাৰ্চুৱেল তৰ্কত অংশগ্ৰহণৰ বাবে অমান্তি প্ৰকাশ কৰিছিল ৷ তৃতীয় তথা শেষৰটো তৰ্ক অহা 22 অক্টোবৰত নাশ্বভেলীত অনুষ্ঠিত হ'ব ৷

লগতে পঢ়ক : কি হয় আমেৰিকাৰ ৰাষ্ট্ৰপতি তৰ্কযুদ্ধ, চাওঁক এই প্ৰতিবেদন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.