ETV Bharat / international

বাইডেনক ট্ৰাম্পে কিয় পদত্যাগ কৰিবলৈ ক'লে ?

এইবাৰ জ' বাইডেনক পদত্যাগ কৰাৰ আহ্বান ড'নাল্ড ট্ৰাম্পৰ ৷ আফগানিস্তানৰ চৰকাৰ ধ্বংস হোৱাৰ পাচতে বাইডেনক জগৰীয়া কৰি পদত্যাগৰ আহ্বান জনালে ট্ৰাম্পে ৷ বাইডেনৰ নিৰ্বাচন প্ৰক্ৰিয়া বৈধ নাছিল বুলিও অভিযোগ ট্ৰাম্পৰ ৷

author img

By

Published : Aug 16, 2021, 1:55 PM IST

Trump blames Joe Biden for Afghan crisis, seeks his resignation
বাইডেনক ট্ৰাম্পে কিয় পদত্যাগ কৰিবলৈ ক'লে

ইণ্টাৰনেশ্যনেল ডেস্ক, 16 আগষ্ট : সংযুক্ত ৰাষ্ট্ৰৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি জ' বাইডেনক পদত্যাগ কৰাৰ আহ্বান ৰাষ্ট্ৰখনৰ পূৰ্বৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ ৷ আফগানিস্তান চৰকাৰ সম্পূৰ্ণ ধ্বংস হোৱাৰ পাচত তালিবানে ৰাষ্ট্ৰখনৰ ৰাজধানী কাবুলৰ ক্ষমতা নিজৰ হাতলৈ অনাৰ লগে লগে ট্ৰাম্পে বাইডেনে পদত্যাগ কৰা উচিত বুলি মন্তব্য কৰে ৷ দেওবাৰে এক বিবৃতিযোগে ট্ৰাম্পে কয় যে, সীমান্তৰ বিপৰ্যয়, পংগু অৰ্থনীতি, ক'ভিড-19ৰ ভয়াবহ বৃদ্ধিৰ লগতে আফগানিস্তানত যি ঘটিবলৈ এৰি দিলে তাৰ বাবে বাইডেনে পদত্যাগ কৰা উচিত ৷

সংযুক্ত ৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে দাবী কৰে যে, বাইডেনৰ পদত্যাগৰ বিষয়টো বৰ এটা ডাঙৰ বিষয় নহয় কিয়নো প্ৰথম অৱস্থাতে বাইডেনৰ নিৰ্বাচন প্ৰক্ৰিয়া বৈধ নাছিল ৷ আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্বৰফ ঘানীৰ দেশ ত্যাগৰ আৰু ৰাষ্ট্ৰখনৰ ৰাজধানী কাবুলত তালিবানৰ প্ৰৱেশৰ লগে লগে বাইডেনক লৈ ট্ৰাম্পে উক্ত মন্তব্য কৰে ৷

উল্লেখ্য যে, তালিবান সন্ত্ৰাসবাদীয়ে আফগানৰ ৰাজধানী কাবুলৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ নিয়াৰ লগতে ৰাষ্ট্ৰপতিৰ প্ৰাসাদো নিজৰ দখললৈ নিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, এই আন্দোলনে অতি শীঘ্ৰে Islamic Emirate of Afghanistan পুনৰস্থাপনৰ কথা ঘোষণা কৰিব ৷ ইফালে ৰাষ্ট্ৰপতি জ' বাইডেনে কেনেদৰে আফগানিস্তানৰ গভীৰ সংকটৰ সমাধান কৰিব সেই সন্দৰ্ভত হোৱাইট হাউছৰ উপদেষ্টাসকলে আলোচনা অব্যাহত ৰাখিছে ৷

অৱশ্যে আগষ্টৰ পৰিকল্পিত বন্ধৰ(August vacation) পৰা তেওঁ ৱাশ্চিংটনলৈ উভতি আহিব লাগে নে নালাগে সেই সন্দৰ্ভত এতিয়ালৈকে কোনো চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই ৷ উল্লেখ্য যে, যুদ্ধ বিধ্বস্ত দেশখনক বিশ্বাসঘাটকতা কৰাৰ অভিযোগত জ' বাইডেনক দোষাৰোপ কৰি একাংশই হোৱাইট হাউছৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷ আফগানিস্তানক বিশ্বাসঘাটকতা কৰাৰ লগতে পাকিস্তানক অনুমোদন দিয়াৰ দাবীত দেওবাৰে আবেলি শ শ লোকে প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়ক: 20 বছৰৰ মূৰত তালিবানৰ হাতলৈ আফগানিস্তান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.