ইন্টাৰনেশ্যনেল ডেস্ক, 27 মাৰ্চ : আমেৰিকাৰ প্ৰধানমন্ত্ৰী ড'নাল্ড ট্ৰাম্পে বৃহস্পতিবাৰে COVID-19 ৰ উৎপত্তিক লৈ পুনৰবাৰ চীনক জগৰীয়া কৰে ৷
তেওঁ দাবী কৰে যে, তেওঁৰ চৰকাৰ শাসনত অধিষ্ঠিত নোহোৱা পৰ্যন্ত চীনে আমেৰিকাৰ পৰা অৰ্থনৈতিক লাভালাভ আদায় কৰিলে ৷ হোৱাইট হাউছত উপস্থিত হৈ ট্ৰাম্পে এই মন্তব্য কৰে ৷
উল্লেখ্য যে, কৰ'ণা ভাইৰাছে আমেৰিকাত আক্ৰমণাত্মক ৰূপ ধাৰণ কৰাৰ লগতে ই আৰু জটিল পৰিস্থিতিৰ সৃষ্টি কৰিব বুলি বিশেষজ্ঞসকলে মন্তব্য আগবঢ়াইছে ৷
বৰ্তমানলৈকে আমেৰিকাত 82,000 ঘটনা পোহৰলৈ অহাৰ লগতে ই সমগ্ৰ বিশ্বৰ ভিতৰতে শীৰ্ষত অৱস্থান কৰিছে ৷
যোৱা সপ্তাহত ট্ৰাম্পে জনসমাগমৰ পৰা নাগৰিকক বিৰত থকাৰ লগতে আছুতীয়া কক্ষত 15 দিন বসবাস কৰিবলৈ পৰামৰ্শ দিছিল ৷
আৰু পঢ়ক : 104 বছৰত ইহলীলা সম্বৰণ ব্ৰহ্ম কুমাৰীৰ মুৰব্বী দাদী জানকীৰ