ETV Bharat / international

আমেৰিকাৰ মুখ্য ৰাজ্যবোৰৰ ভোটগণণাৰ অন্তত প্ৰতাৰণাৰ অভিযোগ ট্ৰাম্পৰ - মাৰ্কিন যুক্তৰাষ্ট্ৰ

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ ভোটগণনাক লৈ অভিযোগ উত্থাপন কৰিছে প্ৰাৰ্থী ড'নাল্ড ট্ৰাম্পে। তেওঁ কয় যে, 'দেশখনৰ অধিকাংশ ৰাজ্যৰ লোকে প্ৰকৃততে ৰিপাব্লিকান পাৰ্টীৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। যদিহে নিৰ্বাচনৰ ফলাফলত সেয়া প্ৰকাশ নাপায়, তেন্তে নিশ্চয় প্ৰতাৰণা কৰা হৈছে।'

আমেৰিকাৰ মুখ্য ৰাজ্যবোৰৰ ভোটগণণাৰ অন্তত প্ৰতাৰণাৰ অভিযোগ ট্ৰাম্পৰ

author img

By

Published : Nov 4, 2020, 8:17 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ৪ নৱেম্বৰ: আমেৰিকা যুক্তৰাষ্ট্ৰ নিৰ্বাচনত ড'নাল্ড ট্ৰাম্প আৰু জ' বিদেনৰ মাজত প্ৰায় সম পৰ্যায়ৰ যুঁজ পৰিলক্ষিত হোৱাৰ পিছত ৰিপাব্লিকান পাৰ্টীৰ প্ৰাৰ্থী ট্ৰাম্পে প্ৰতাৰণাৰ অভিযোগ উত্থাপন কৰিছে। ভোটগণনাত মুখ্য ৰাজ্যসমূহৰ অধিকাংশৰে সমৰ্থন ৰিপাব্লিকান পাৰ্টীৰ বিপৰীতে গ'লে সেয়া প্ৰতাৰণা কৰা হৈছে বুলি মানি লোৱা হ'ব বুলি অভিযোগ উত্থাপন কৰিছে ট্ৰাম্পে।

নিৰ্বাচনৰ পূৰ্বেই ট্ৰাম্পৰ কেইবাটাও টুইটৰ প্ৰতি সেউজ সংকেত জাৰি কৰা হৈছিল টুইটাৰৰ তৰফৰ পৰা। দেশখনৰ মুখ্য় ৰাজ্য়সমূহত এতিয়াও ভোটগণনা অব্য়াহত আছে যদিও ট্ৰাম্পে নিজৰ বিজয় পৰোক্ষভাৱে ঘোষণা কৰিছে। ট্ৰাম্পে সমৰ্থকসকলক কয় যে, 'স্পষ্ট ৰূপত আমি এই নিৰ্বাচনত জয়ী হৈছো।' তেওঁ ইয়াকো কয় যে, যদি নিৰ্বাচনৰ ফলাফল ইয়াৰ বিপৰীতে যায়, তেন্তে তেওঁ আমেৰিকাৰ সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব আৰু নিৰ্বাচনত প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিব।

এতিয়াও এক লাখ ভোটৰ গণনা বাকী আছে। ট্ৰাম্পে নিজৰ সমৰ্থকক কয় যে, ৰিপাব্লিকান পাৰ্টীয়ে আন ৰাজ্যসমূহত অগ্ৰগতি লাভ কৰি আছিল আৰু ফলাফল ঘোষণা কৰাৰ সময়তে প্ৰতাৰণা কৰাৰ কথা পোহৰলৈ আহে। আমেৰিকাৰ লোকসকলৰ ওপৰত প্ৰতাৰণা কৰা হৈছে আৰু তেওঁ এয়া সহ্য় নকৰে বুলি মন্তব্য কৰে ট্ৰাম্পে। আনহাতে, জ' বিদেনে কয় যে, মুখ্য ৰাজ্য়সমূহত প্ৰতিদ্বন্দী ট্ৰাম্পে সৰ্বাধিক ভোট লাভ কৰাৰ আশা পূৰ্বৰে পৰা ক্ষীণ আছিল। আমেৰিকা ৰাষ্ট্ৰপতিক মেইল-ইন-বেলটত সংকেত দিয়া হৈছিল ৷ সময়মতে বেলট জমা কৰা হ'লে নিৰ্বাচনী আয়োগৰ গণনা কৰিব পাৰিলে হয় বুলিও বিদেনে মন্তব্য় কৰে।

লগতে পঢ়ক:যুক্তৰাষ্ট্ৰত বৃদ্ধি পাইছে সন্ত্ৰাসবাদী আক্ৰমণৰ ভাবুকি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.