ইন্টাৰনেশ্বনেল ডেস্ক, 4 জানুৱাৰীঃ ইৰানৰ জেনেৰেল কাছেম চুলেইমানিৰ হত্যাৰ পিচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ৷ সন্ত্ৰাসৰ ভগৱানৰ অন্ত পৰা বুলি কৈ কাছেম চুলেইমানিয়ে নতুন দিল্লী আৰু লণ্ডনটো সন্ত্ৰাসজনিত কাণ্ডৰ বাবে অৰিহণা যোগাইছিল বুলি কয় আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ৷
-
A statement from President @realDonaldTrump: pic.twitter.com/Jfy4GCLdif
— The White House (@WhiteHouse) January 3, 2020 " class="align-text-top noRightClick twitterSection" data="
">A statement from President @realDonaldTrump: pic.twitter.com/Jfy4GCLdif
— The White House (@WhiteHouse) January 3, 2020A statement from President @realDonaldTrump: pic.twitter.com/Jfy4GCLdif
— The White House (@WhiteHouse) January 3, 2020
ফ্লৰিডাৰ মাৰ-এ-লাগো (Mar-a-Lago)ৰ সংবাদকৰ্মীৰ আগত ট্ৰাম্পে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ইৰাকত থকা আমেৰিকান বাহিনীৰ লগতে বাগদাদস্থিত আমেৰিকান দূতাবাসত সংঘটিত ৰকেট আক্ৰমণ চুলেইমানিৰ নিৰ্দেশতে সংঘটিত হৈছিল ৷ চুলেইমানিৰ নিৰ্দেশত সংঘটিত হোৱা এই আক্ৰমণত এগৰাকী আমেৰিকান নিহত হোৱাৰ লগতে চাৰিগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ৷ চুলেইমানি নিৰ্দোষী ব্যক্তিৰ হত্যাৰ বাবে দায়ী আৰু নতুন দিল্লীকে ধৰি লণ্ডনটো সন্ত্ৰাসবাদক প্ৰশ্ৰয় দি আহিছিল ৷ বিগত 20 বছৰে সন্ত্ৰাসবাদৰ দ্বাৰা মধ্যপ্ৰাচ্যক উত্তপ্ত কৰি ৰখা চুলেইমানিৰ মৃত্যুৰ লগতেই তেওঁৰ সন্ত্ৰাসৰ সাম্ৰাজ্যৰ অন্ত পৰাৰ লগতে তেওঁৰ নিৰ্দেশত হত্যাৰ বলি হোৱা লোকসকলে শান্তি লাভ কৰিলে ৷
-
Soleimani contributed to terrorist plots to kill innocent people around the world. His reign of terror is over. pic.twitter.com/LuxsVypyuX
— The White House (@WhiteHouse) January 4, 2020 " class="align-text-top noRightClick twitterSection" data="
">Soleimani contributed to terrorist plots to kill innocent people around the world. His reign of terror is over. pic.twitter.com/LuxsVypyuX
— The White House (@WhiteHouse) January 4, 2020Soleimani contributed to terrorist plots to kill innocent people around the world. His reign of terror is over. pic.twitter.com/LuxsVypyuX
— The White House (@WhiteHouse) January 4, 2020
ইৰানৰ ইছলামিক ৰিভলিউশ্বনাৰী গাৰ্ড ক'পছৰ অধীনস্থ তথা চুলেইমানিৰ নেতৃত্বত থকা কুৱাড ফ'ৰ্ছক বছৰ বছৰ ধৰি শ-শ আমেৰিকান নাগৰিক তথা সৈনিকক হত্যাৰ বাবে জগৰীয়া কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ৷ ইৰানৰ বিদ্ৰোহী সামৰিক নেতাগৰাকীৰ হত্যাৰ পিচতেই সম্ভাব্য যুদ্ধৰ পৰিস্থিতিকো আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে সফল নহয় বুলি উল্লেখ কৰে ৷ ট্ৰাম্পে লগতে কয় যে, আমেৰিকা যুক্তৰাষ্ট্ৰই শুকুৰবাৰে সংঘটিত কৰা এয়াৰ ষ্ট্ৰাইকটো বহু পূৰ্বেই সংঘটিত কৰিব লাগিছিল, যাৰ ফলত বহু নিৰপৰাধী লোকৰ প্ৰাণ ৰক্ষা পৰিলহেতেন ৷ ইৰানত শেহতীয়ালৈ সংঘটিত হোৱা গণবিক্ষোভ দমনৰ নামত চুলেইমানিয়ে হাজাৰৰো অধিক নাগৰিকক হত্যা কৰিছিল ৷ আমি এখন যুদ্ধ শেষ কৰিবলৈ এয়াৰ ষ্ট্ৰাইক সংঘটিত কৰিছো, যুদ্ধ আৰম্ভ কৰিবলৈ নহয় ৷ ইৰানৰ সাধাৰন নাগৰিকৰ ভৱিষ্যতৰ বাবে চুলেইমানিক হত্যা কৰিছো ৷
-
President @realDonaldTrump: "We took action last night to stop a war. We did not take action to start a war." pic.twitter.com/6IAt9x5Ns8
— The White House (@WhiteHouse) January 4, 2020 " class="align-text-top noRightClick twitterSection" data="
">President @realDonaldTrump: "We took action last night to stop a war. We did not take action to start a war." pic.twitter.com/6IAt9x5Ns8
— The White House (@WhiteHouse) January 4, 2020President @realDonaldTrump: "We took action last night to stop a war. We did not take action to start a war." pic.twitter.com/6IAt9x5Ns8
— The White House (@WhiteHouse) January 4, 2020
চুলেইমানিৰ হত্যা কৰা আমেৰিকান সেনা সন্দৰ্ভত দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে, "বিশ্বৰ অন্য়তম সন্ত্ৰাসবাদী কাছেম চুলেইমানিক এবাৰতেই নিধন কৰিবলৈ সক্ষম হোৱা আমেৰিকান সেনাবাহিনী বিশ্বৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৷ আমাৰ হাতত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ চোৰাংচোৱা আছে, আমেৰিকান সকলক লক্ষ্য কৰি লোৱা যিকোনো অসাধু শক্তিকে বিশ্বৰ যিকোনো প্ৰান্তৰ পৰা বিছাৰি উলিয়াই তেওঁলোকৰ বিৰুদ্ধে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আমেৰিকান সেনা সদা-সষ্টম ৷" বুলি কয় ৷ উল্লেখ্য যে, কিছুদিন পূৰ্বে আমেৰিকান সেনাবাহিনীয়ে আইছিছৰ প্ৰধান অল-বাগদাদীক বিচাৰি উলিয়াই নিধন কৰিছিল ৷
-
We have the best military and the best intelligence anywhere in the world. If Americans are threatened, we are prepared to respond. pic.twitter.com/cWuFh6D60w
— The White House (@WhiteHouse) January 4, 2020 " class="align-text-top noRightClick twitterSection" data="
">We have the best military and the best intelligence anywhere in the world. If Americans are threatened, we are prepared to respond. pic.twitter.com/cWuFh6D60w
— The White House (@WhiteHouse) January 4, 2020We have the best military and the best intelligence anywhere in the world. If Americans are threatened, we are prepared to respond. pic.twitter.com/cWuFh6D60w
— The White House (@WhiteHouse) January 4, 2020
চুলেইমানিৰ মৃত্যুৰ পিচতেই ইৰান চৰকাৰে ব্ৰীগেডিয়াৰ ইছমাইল ঘানীক কুৱাড ফ'ৰ্ছৰ নতুন প্ৰধান হিচাপে নিযুক্তি প্ৰদান কৰিছে ৷ জেনেৰেল কাছেম চুলেইমানিৰ উপ-প্ৰধান হিচাপে আছিল ব্ৰীগেডিয়াৰ ইছমাইল ঘানী ৷ শুকুৰবাৰে আমেৰিকাৰ দ্বাৰা সংঘটিত এয়াৰ ষ্ট্ৰাইকত নিহত হোৱা ইৰাকী মিলিটিয়া কামাণ্ডাৰগৰাকী আছিল আবু মাহদি অল-মুহান্দিছ, যিয়ে চুলেইমানিৰ উপদেষ্টা হিচাপে কৰ্মৰত আছিল ৷ কাছেম চুলেইমানিৰ হত্যাৰ পিচতেই ইয়াৰ সীমান্তৱৰ্তী ইজৰাইলৰ সেনাই দেশখনত হাই-এলাৰ্ট ঘোষণা কৰিছে ৷ দেশখনৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানয়াহুৱে গ্ৰীচ ভ্ৰমণ বাতিল কৰি ইজৰাইলী ডিফেন্স ফ'ৰ্ছক যিকোনো পৰিস্থিতিৰ বাবে সদা-সষ্টম হৈ থাকিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷