নিউজ ডেস্ক, ১৯ এপ্ৰিলঃ ব্ৰাজিলৰ ৰাজধানী চহৰ ৰিঅ'-ডি জেনেৰিঅ'ৰ দক্ষিণ প্ৰান্তত স্থানীয় লোকসকলে লকডাউনৰ নিয়ম অমান্য কৰি সাব্যস্ত কৰে প্ৰতিবাদ । ৰিঅ'ৰ ষ্টেট গৱৰ্ণৰ উইলচন ৱিটজেলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ এইদৰে ৰাজপথলৈ বাহনসহ ওলাই আহে সহস্ৰাধিক লোক । কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ ৱিটজেলে আৰোপ কৰা নিষেধাজ্ঞাৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে ব্ৰাজিলিয়ানসকলে ।
দৰাচলতে এমাহ পূৰ্বে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জেয়াৰ বলচোনাৰোৰ দেহত কোভিড-১৯ মহামাৰীৰ উপস্থিতি ধৰা পৰিছিল আৰু ইয়াৰ পিচতে স্থানীয় প্ৰশাসনে দেশখনৰ বিভিন্ন অঞ্চলত নিষেধাজ্ঞা আৰোপ কৰিছিল । কিন্তু এই সিদ্ধান্তৰ দ্বাৰা সন্তুষ্ট নহয় ৰাষ্ট্ৰপতি জেয়াৰ বলচোনাৰোৰ সমৰ্থকসকল । তেওঁলোকৰ মতে, বৃদ্ধ আৰু অন্যান্য যিসকলৰ দেহত এই ভাইৰাছে বাহ ল'ব পাৰে তেওঁলোকৰ গতিবিধিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰি বাকীসকলৰ ক্ষেত্ৰত ইয়াক কিছু শিথিল কৰিব লাগে । বলচোনাৰোৰ সমৰ্থনত এইদৰে প্ৰতিবাদকাৰীসকলে ৰাজপথলৈ ওলাই আহি ৰিঅ'ৰ ষ্টেট গৱৰ্ণৰ উইলচন ৱিটজেলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।
ইয়াৰ উপৰিও চাও পাওলতো স্থানীয় প্ৰশাসন তথা ষ্টেট গৱৰ্ণৰ জাঅ' দৰিয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৰাষ্ট্ৰপতিৰ সমৰ্থকসকলে । দেশখনৰ অৰ্থনীতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰপতিৰ সমৰ্থকসকলে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে । উল্লেখ্য যে, ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিচৰে পৰাই এই দুগৰাকী ষ্টেট গৱৰ্ণৰৰ সৈতে মনোমালিন্য ঘটিছিল ৰাষ্ট্ৰপতি বলচোনাৰোৰ । ইয়াৰ মাজতে বৃহস্পতিবাৰে ৰাষ্ট্ৰপতিগৰাকীয়ে দেশখনৰ স্বাস্থ্যমন্ত্ৰীকো পদৰ পৰা অপসাৰণ কৰে । ইয়াৰ পিচতেই এই স্থানত দায়িত্ব লাভ কৰে নেলচন টেইকে । টেইকক দেশখনত এই মহামাৰী প্ৰতিৰোধ কৰাৰ লগতে অৰ্থনীতিৰ ওপৰতো গধুৰ দায়িত্ব অৰ্পন কৰা হয় । আনহাতে ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, তেওঁ আৰু তেওঁৰ আইনমন্ত্ৰী চাৰ্জিঅ' মোৰোই আলোচনামৰ্মে দেশখনৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তসমূহ মুকলি কৰি দিয়াৰ কথা উল্লেখ কৰে ।
শনিবাৰলৈ দেশখনত ৩৬,৫৯৯ গৰাকী নাগৰিক কোভিড-১৯ত আক্ৰান্ত হৈছে আৰু ২,৩০০ নাগৰিকৰ মৃত্যু হৈছে ।
লগতে পঢ়কঃ COVID-19 য়ে শিশুৰ জীৱনত ধংসাত্মক প্ৰভাৱ বিস্তাৰ কৰিছে : UNICEF