ETV Bharat / international

ক'ভিডত আক্ৰান্ত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি - ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জায়েৰ ব'ল্সনাৰো

ক'ভিড-19 ত আক্ৰান্ত হোৱা ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জায়েৰ ব'ল্সনাৰোৰ আশু-আৰোগ্য কামনা কৰি টুইটাৰত শুভেচ্ছা বাৰ্তা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ । মঙলবাৰে ক'ভিড-19 পজিটিভ বুলি ধৰা পৰিছিল ৰাষ্ট্ৰপতিগৰাকী ।

PM Modi wishes Brazilian President speedy recovery from COVID-19

author img

By

Published : Jul 8, 2020, 5:17 PM IST

নিউজ ডেস্ক, 8 জুলাই : বুধবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইট যোগে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জায়েৰ ব'ল্সনাৰোৰ দ্ৰুত আশু-আৰোগ্য কামানা কৰি এক শুভেচ্ছা বাৰ্তা জ্ঞাপন কৰে । মঙলবাৰে ব্ৰাজিলৰ ৰাষ্ট্ৰপতিগৰাকীৰ দেহত ক'ভিড-19 ৰ অৱস্থিতি ধৰা পৰে ।

  • My friend President @jairbolsonaro, my prayers and best wishes for your speedy recovery.

    — Narendra Modi (@narendramodi) July 8, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

মোডীয়ে দ্ৰুত আৰোগ্য কামনা কৰি তেওঁৰ প্ৰাৰ্থনা আৰু শুভেচ্ছা মোৰ বন্ধু ৰাষ্ট্ৰপতি জায়েৰ ব'ল্সনাৰো লগত আছে বুলি এক টুইট কৰে । পৰ্তুগীজ ভাষাতো টুইটটো পুনৰাবৃত্তি কৰে মোডীয়ে ।

স্বয়ং ৰাষ্ট্ৰপতিগৰাকীয়ে মঙলবাৰে নিজৰ ক'ভিড পজিটিভ হোৱাৰ কথা উল্লেখ কৰে । দুই-তিনিদিন ধৰি কৰ'ণাৰ লক্ষণে দেখা দিছিল ৰাষ্ট্ৰপতিগৰাকীৰ দেহত । পাচত পৰীক্ষাৰ অন্তত ধৰা পৰে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ।

ব্ৰাজিলত সম্প্ৰতি ভয়াৱহ ৰূপত বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ । বৰ্তমানলৈকে 65 হাজাৰতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ লগতে দেশখনত এতিয়ালৈ 16,23,284 গৰাকী লোক আক্ৰান্ত হৈছে কৰ'ণা ভাইৰাছত ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.