ETV Bharat / international

আমেৰিকাৰ দুজন বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা - আলফ্ৰেড নবেল

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিজ্ঞানী ডেভিদ জুলিয়াছ আৰু আৰ্ডেম পাটাপুটিয়ানক সোমবাৰে নোবেল বঁটা প্ৰদান কৰা হৈছে ৷ উষ্ণতা আৰু স্পৰ্শ অনুভৱ কৰিবলৈ অনুমতি দিয়া ৰিচেপ্টৰৰ আৱিষ্কাৰৰ বাবে তেওঁলোকলৈ আগবঢ়োৱা হৈছে এই সন্মান ৷

nobel-prize-honors-discovery-of-temperature-touch-receptors
আমেৰিকাৰ দুজন বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নবেল
author img

By

Published : Oct 4, 2021, 7:03 PM IST

ইন্টাৰনেশ্বনেল ডেস্ক, 4 অক্টোবৰ : আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুজন বিজ্ঞানীক সোমবাৰে চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হয় ৷ ৰিচেপ্টৰৰ আৱিষ্কাৰৰ বাবে তেওঁলোকক এই বটা প্ৰদান কৰা হৈছে ৷ ৰিচেপ্টৰে মানুহক উষ্ণতা আৰু স্পৰ্শ অনুভৱ কৰাত সহায় কৰে । দুই বিজ্ঞানী ডেভিদ জুলিয়াছ আৰু আৰ্ডেম পাটাপুটিয়ানে চোমাটোচেঞ্চেচনৰ ওপৰত গৱেষণা কৰিছিল, যি হৈছে চকু, কাণ আৰু ছালৰ দৰে বিশেষ অংগবোৰক চোৱা, শুনা আৰু অনুভৱ কৰিবলৈ দিয়া বিশেষ শক্তি ।

নোবেল কমিটিৰ চেক্ৰেটেৰী জেনেৰেল থমাছ পাৰলমেনে বিজয়ীসকলৰ নাম ঘোষণা কৰি কয়, "এই গৱেষণাই প্ৰকৃতিৰ এটা ৰহস্য উন্মোচন কৰিছে।" "এই গৱেষণা প্ৰকৃততে আমাৰ জীয়াই থকাৰ বাবে গুৰুত্বপূৰ্ণ, সেয়েহে ই এক অতি গুৰুত্বপূৰ্ণ আৰু গভীৰ আৱিষ্কাৰ ।" নোবেল সমিতিয়ে কয় যে 65 বছৰীয়া জুলিয়াছে, স্নায়ু সংবেদক চিনাক্ত কৰিবলৈ জলকীয়াৰ সক্ৰিয় উপাদান কেপচাইচিন ব্যৱহাৰ কৰিছিল ৷ যি ছালক তাপৰ প্ৰতি সঁহাৰি দিবলৈ অনুমতি দিয়ে ।

আনহাতে, আৰ্ডেম পাটাপুটিয়ানে কোষবোৰত পৃথক চাপ-সংবেদনশীল চেন্সৰ বিচাৰি পাইছিল যি যান্ত্ৰিক ষ্টিমুলেচনৰ প্ৰতি সঁহাৰি দিয়ে ৷ যুটিটোৱে যোৱা বছৰ স্নায়ুবিজ্ঞানৰ বাবে সন্মানীয় কাভলি বঁটাও লাভ কৰিছিল ।

নোবেল কমিটিৰ পেত্ৰিক এৰ্ণফ’ৰ্ছে কয় "কল্পনা কৰক যে আপুনি গ্ৰীষ্মৰ ৰাতিপুৱা এটাত এখন পথাৰত খালি ভৰিৰে খোজ কাঢ়ি আছে ৷ আপুনি সূৰ্যৰ উষ্ণতা, ৰাতিপুৱাৰ নিয়ৰৰ শীতলতা, গ্ৰীষ্মৰ বতাহ আৰু ভৰিৰ তলত ঘাঁহৰ সূক্ষ্ম গাঁথনি অনুভৱ কৰিব পাৰে । উষ্ণতা, স্পৰ্শ আৰু চলাচলৰ এই প্ৰভাৱবোৰ হৈছে চোমাটোচেঞ্চনৰ ওপৰত নিৰ্ভৰ কৰা অনুভূতি ।"

"এনে তথ্য নিৰন্তৰ ছাল আৰু অন্যান্য গভীৰ কলাৰ পৰা প্ৰবাহিত হয় আৰু আমাক বাহ্যিক আৰু আভ্যন্তৰীণ পৃথিৱীৰ সৈতে সংযোগ কৰে । আমি অনায়াসে আৰু বেছি চিন্তা নকৰাকৈ কৰা কামবোৰৰ বাবেও এইটো অত্যাৱশ্যকীয়" বুলি এৰ্ণফৰ্ছে লগতে কয় ।

উল্লেখ্য যে, সন্মানীয় নোবেল বঁটাত এটা সোণৰ পদক আৰু 10 নিযুত চুইডিছ ক্ৰ'নাৰ (1.14 নিযুত ডলাৰৰ অধিক) থাকে । পুৰষ্কাৰৰ ধনখিনি পুৰস্কাৰৰ সৃষ্টিকৰ্তা চুইডিছ আৱিষ্কাৰক আলফ্ৰেড নোবেলে এৰি থৈ যোৱা সম্পত্তিৰ পৰা আহে ৷ ১৮৯৫ চনত আলফ্ৰেড নোবেলে মৃত্যুবৰণ কৰিছিল । চিকিৎসা বিজ্ঞানৰ লগতে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, সাহিত্য, শান্তি আৰু অৰ্থনীতিৰ ক্ষেত্ৰত উৎকৃষ্ট কামৰ বাবে এই বঁটা প্ৰদান কৰা হয় ।

লগতে পঢ়ক : ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ শ্বাহৰুখ তনয় : বাদশ্বাহৰ সমৰ্থনত বলিউড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.