নেশ্যনেল ডেস্ক, ৩০ জুন: বিশ্বজুৰি নূন্যতম কৰ সন্দৰ্ভত মঙলবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোষাগাৰ সচিব জেনেট এল য়েল্লেনৰ সৈতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে (Nirmala Sitharaman) ফোনযোগে বাৰ্তালাপ কৰে । কোষাগাৰ বিভাগে জনোৱা মতে, এক শক্তিশালী বিশ্বব্যাপী নূন্যতম কৰ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত অংশীদাৰিত্বৰ বাবে আমেৰিকাৰ হৈ জেনেট এল য়েল্লেনে (Janet L Yellen) আগ্ৰহ প্ৰকাশ কৰে । আলোচনাৰ সময়ত য়েল্লেনে জি-২০ (G20) আৰু অ ই চি ডি (OECD)ত ভাৰতৰ সৈতে অংশীদাৰ হোৱাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে যাতে বিশ্বৰ অৰ্থনীতিৰ বিকাশত সহায় কৰিবলৈ আন্তৰ্জাতিক কৰ প্ৰণালীৰ পুনৰ গঠনত সহায়ক হয় ।
আনহাতে, চলিত মাহৰ আৰম্ভণিতে জি-৭ৰ তৰফৰ পৰা ঘোষণা কৰা হৈছিল যে, বিশ্বজুৰি নূন্যতম কৰ্প'ৰেট কৰ ১৫ শতাংশ কৰাৰ বাবে তেওঁলোকে এখন চুক্তি স্বাক্ষৰিত কৰিব । পৰৱৰ্তী আলোচনাৰ বাবে এই প্ৰস্তাৱ জি-২০(G20) আৰু অ ই চি ডি(OECD)লৈ আগবঢ়োৱা হ'ব বুলি ঘোষণা কৰা হৈছিল । এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোষাগাৰ সচিব আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ মাজৰ আলোচনাই বিশ্বজুৰি নূন্যতম কৰ সন্দৰ্ভত কিমান ফলপ্ৰসু প্ৰভাৱ পেলাব সেয়া লক্ষণীয় হ'ব ।
বৰ্তমান ক'ভিড-১৯ মহামাৰীৰ বাবে সমগ্ৰ বিশ্বৰে অৰ্থনীতিৰ শোচনীয় অৱস্থা হৈছে । পুনৰ অৰ্থনৈতিক অৱস্থা সুস্থিৰ কৰিবলৈ বিশ্বৰ আগশাৰীৰ দেশসমূহে ন ন নীতি গ্ৰহণ কৰি প্ৰয়াস অব্যাহত ৰাখিছে । ক'ভিডসৃষ্ট পৰিস্থিতিয়ে কোঙা কৰা ভাৰতৰ অৰ্থনীতিৰ অৱস্থা উন্নত কৰাৰ বাবে এতিয়া বিত্ত বিভাগে পৰিকল্পনা যুগুত কৰিছে । এই পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততে শেহতীয়াকৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ক'ভিডে প্ৰভাৱিত কৰা বিভিন্ন খণ্ডৰ বাবে পুঁজি ঘোষণা কৰিছে ।