ইণ্টাৰনেশ্যনেল ডেস্ক, 20 ছেপ্তেম্বৰ : নাছা (NASA)ৰ ইনজেনুইটি মঙল হেলিকপ্তাৰে (Ingenuity Mars helicopter) যোৱা ৪ ছেপ্তেম্বৰত ইয়াৰ ১৩ তম উৰণৰ সময়ত ৰঙা গ্ৰহটোত এটা শিলাবৃত টিলাৰ 3D ছবি প্ৰদান কৰিছিল । মিনি হেলিকপ্তাৰখনে ১৮ ফেব্ৰুৱাৰীত নাছাৰ erseverance rover ৰ সৈতে সংলগ্ন হৈ ৰঙা গ্ৰহলৈ উৰা মাৰিছিল ।
ইয়াৰ ফ্লাইট 9 ৰ সময়ত, মিনি-হেলিকপ্তাৰে "Seitah" নামৰ এক দুৰ্গম অঞ্চলৰ ওপৰেৰে উৰা মাৰিছিল ৷ এই অঞ্চলটোৰ বিশেষত্ব হৈছে বালিময় তৰংগ, যি ৰোভাৰৰ বাবে অতি প্ৰত্যাহ্বানপূৰ্ণ ভূখণ্ড ৷ কিন্তু তাৰ পিছতো ই মঙল গ্ৰহৰ জেজিৰো ক্ৰেটাৰৰ (Jezero crater) ৰঙীন ছবি তুলিছিল । এই অভিযানৰ উদ্দেশ্য আছিল কম উচ্চতাৰ পৰা "Faillefeu" নামৰ এই ভূ-তাত্বিক লক্ষ্যৰ ৰঙীন ছবি গ্ৰহণ কৰা ।
এই 3D ছবিখনে দেখুৱাইছে যে, টিলাটো প্ৰায় 10 মিটাৰ বহল আৰু কিছুমান ডাঙৰ শিলে পেলোৱা ছাঁৰ সৈতে ছবিখনৰ কেন্দ্ৰৰ ঠিক উত্তৰে দৃশ্যমান ।
লগতে পঢ়ক : মহিলা কৰ্মচাৰীক ঘৰতে থকাৰ নিৰ্দেশ তালিবানৰ
ছবিখনৰ ওপৰৰ ফালে প্ৰসাৰিত হৈছে "Artuby" ৰ এটা অংশ, যি হৈছে 900 মিটাৰতকৈ অধিক বহল এক শৃংগৰ অংশ । ছবিখনৰ তলত আৰু মাজভাগলৈ উলম্বভাৱে কেইবাটাও বালিৰ তৰংগ আছে ৷ দক্ষিণ কেলিফৰ্ণিয়াত নাছাৰ জেট প্ৰপালচন লেবৰেটৰীয়ে নিৰ্মাণ কৰা ইনজেনুইটি মঙল হেলিকপ্তাৰখন (Ingenuity Mars helicopter) আন এখন পৃথিৱীত শক্তিৰ উৰণ পৰীক্ষা কৰা আৰু মঙল গ্ৰহৰ পৃষ্ঠৰ ৰঙীণ প্ৰতিচ্ছবি তুলি লোৱা প্ৰথম যন্ত্ৰ ।
এই হেলিকপ্তাৰখন এটা প্ৰযুক্তি প্ৰদৰ্শন য'ত ৰঙা গ্ৰহটোত 30 দিনলৈকে পৰিকল্পিত পৰীক্ষামূলক উৰণৰ ম্যাদ আছে । ইয়াৰ একমাত্ৰ লক্ষ্য হৈছে মঙল গ্ৰহৰ ক্ষীণ বায়ুমণ্ডলত উৰণ পৰীক্ষা কৰা ৷ এই হেলিকপ্তাৰখনে কোনো বিজ্ঞানৰ সঁজুলি বহন কৰা নাই ।
erseverance rover এ উৰণ অভিযানৰ সময়ত ছবি তোলা, পৰিৱেশৰ তথ্য সংগ্ৰহ কৰা আৰু আধাৰ কেন্দ্ৰটো হোষ্ট কৰাৰ সময়ত সমৰ্থন প্ৰদান কৰে ৷ যাৰ বাবে হেলিকপ্তাৰখনে পৃথিৱীৰ মিছন নিয়ন্ত্ৰকৰ সৈতে যোগাযোগ কৰিবলৈ সক্ষম হয় ।
এই অভিযানত সংগ্ৰহ কৰা তথ্যসমূহ ভৱিষ্যতে ৰঙা গ্ৰহটোৰ অন্বেষণৰ সময়তো যথেষ্ট সহায়ক হ’ব বুলি আশা কৰা হৈছে ৷
লগতে পঢ়ক : আন্তঃৰাষ্ট্ৰীয় বধিৰ সজাগতা সপ্তাহ 2021