ইণ্টাৰনেশ্যনেল ডেস্ক, ১১ নৱেম্বৰ: NASA আৰু এলন মাস্ক(Elon Musk)ৰ মালিকানাধীন ব্যক্তিগত ৰকেট কোম্পানী স্পেচএক্সে ক্ৰু-৩ মিছনত আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ প্ৰেৰণ কৰিলে চাৰিজন পেছাদাৰী মহাকাশচাৰীক । কেইবাবাৰো তেওঁলোকক প্ৰেৰণৰ বাবে দিন সলনি কৰাৰ পাচত অৱশেষত বুধবাৰে তেওঁলোকক প্ৰেৰণ কৰা হয় । বুধবাৰে নিশা ৯.৩০ বজাত ফ্লৰিডাস্থিত NASAৰ কেনেডী মহাকাশ কেন্দ্ৰৰ পৰা স্পেচএক্সৰ ফেলকন-৯ ৰকেটেৰে উৰা মাৰে মহাকাশচাৰীকেইজনে । ক্ৰিউ-৩ মিছনত মিছন কমাণ্ডাৰ হিচাপে গৈছে NASAৰ মহাকাশচাৰী ৰাজা চাৰী, পাইলট হিচাপে টম মাৰ্শবাৰ্ণ আৰু মিছন বিশেষজ্ঞ হিচাপে গৈছে কায়লা বেৰন ।
লগতে ইউৰোপীয় মহাকাশ সংস্থাৰ মহাকাশচাৰী মেথিয়াছ ম'ৰেৰো গৈছে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ । তেওঁ মিছন বিশেষজ্ঞ হিচাপে কাম কৰিব । ছয় মাহৰ বাবে তেওঁলোক এই অভিযানত গৈছে । ২০২২ বৰ্ষৰ এপ্ৰিল মাহৰ শেষলৈকে তেওঁলোকৰ অভিযান অব্যাহত থাকিব ।
স্পেচএক্স ক্ৰু ড্ৰেগন মহাকাশযানত মহাকাশচাৰীসকলৰ সৈতে এয়া তৃতীয় ক্ৰু ৰোটেশ্যন মিছন আৰু সংস্থাটোৰ বাণিজ্যিক ক্ৰু কাৰ্যসূচীৰ অংশ হিচাপে মহাকাশচাৰীসকলৰ সৈতে চতুৰ্থ উৰণ ।
ক্ৰুৰ সৈতে ড্ৰেগন মহাকাশযানত ৪০০ পাউণ্ডতকৈ অধিক ওজনৰ সামগ্ৰী থাকিব । ইয়াৰ ভিতৰত ১৫০ পাউণ্ডতকৈও অধিক ওজনৰ সামগ্ৰী তেওঁলোকে মহাকাশ কেন্দ্ৰত পৰীক্ষা-নিৰীক্ষা কৰাত ব্যৱহাৰ কৰিব । পৰীক্ষা-নিৰীক্ষাৰ উপৰিও ক্ৰু-3 মহাকাশচাৰীসকলে তেওঁলোকৰ অভিযানৰ সময়ত বহুতো অতিৰিক্ত পৰীক্ষা আৰু প্ৰযুক্তি প্ৰদৰ্শন কৰাৰ কথা আছে ।
মহাকাশ কেন্দ্ৰৰ পৰিৱেশ নিয়ন্ত্ৰণ আৰু জীৱন সমৰ্থন প্ৰণালীক লৈও চলিব গৱেষণা । নতুনকৈ স্থাপন কৰা শৌচালয়, ব্ৰাইন প্ৰচেছিং এচেম্বলী, কাৰ্বন ডাই অক্সাইড স্ক্ৰাবাৰ আদিৰ বিষয়েও পৰীক্ষা-নিৰীক্ষা কৰিব । ডিচেম্বৰ মাহৰ শেষৰ ফালে স্পেচএক্স কাৰ্গো ড্ৰেগনেৰে দুটা নতুন হাইড্ৰজেন চেন্সৰ প্ৰেৰণৰ সম্ভাৱনা আছে ।