ETV Bharat / international

কি হয় আমেৰিকাৰ ৰাষ্ট্ৰপতি তৰ্কযুদ্ধ, চাওঁক এই প্ৰতিবেদন

author img

By

Published : Sep 29, 2020, 9:29 PM IST

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰায় কেইসপ্তাহমান পূৰ্বে অনুষ্ঠিত হয় ৰাষ্ট্ৰপতি তৰ্কযুদ্ধ ৷ এই তৰ্কযুদ্ধত ৰিপাব্লিকান আৰু ডেম'ক্ৰেটিক দলৰ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীয়ে পৰস্পৰে পৰস্পৰৰ সৈতে মুখামুখি তৰ্কত লিপ্ত হয় ৷ এই তৰ্কযুদ্ধৰ দ্বাৰাই আমেৰিকাৰ নাগৰিকক প্ৰাৰ্থীগৰাকীয়ে আমেৰিকাৰ গুৰুত্বপূৰ্ণ দিশবোৰৰ ক্ষেত্ৰত তেওঁৰ নীতিসমূহ প্ৰকাশ কৰে ৷ 90 মিনিটৰ দীঘলীয়া এই তৰ্কযুদ্ধ আমেৰিকাৰ ৰাষ্ট্ৰীয় টেলিভিশ্বনত পোনপটীয়াভাৱে সম্প্ৰচাৰ কৰা হয় ৷

কি হয় আমেৰিকাৰ ৰাষ্ট্ৰপতি তৰ্কযুদ্ধ, চাওঁক এই প্ৰতিবেদন
কি হয় আমেৰিকাৰ ৰাষ্ট্ৰপতি তৰ্কযুদ্ধ, চাওঁক এই প্ৰতিবেদন

নিউজ ডেস্ক, 29 ছেপ্টেম্বৰ : আমেৰিকাৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ডেম'ক্ৰেটিক দলৰ প্ৰাৰ্থী জ' বিদেনে মঙলবাৰে পৰস্পৰে পৰস্পৰৰ সৈতে মুখামুখি তৰ্কযুদ্ধত লিপ্ত হ'ব ৷ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ এমাহ পূৰ্বেই এইদৰে দুয়োগৰাকী শক্তিশালী নেতাই ৰাষ্ট্ৰপতি পদৰ বাবে নিজৰ সক্ষমতা আৰু বিৰোধীৰ দুৰ্বলতাসমূহ জানিবলৈ ইজনে সিজনৰ মুখামুখি হ'ব ৷

আমেৰিকাৰ স্থানীয় সময় অনুসৰি মঙলবাৰে নিশা অনুষ্ঠিত হ'বলগীয়া এই তৰ্কযুদ্ধত তেওঁলোকে ৰাষ্ট্ৰীয় পৰ্যায়ত আমেৰিকাৰ জনসাধাৰণক নিজৰ নিজৰ নীতিৰে আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিব ৷

আমেৰিকাৰ ৰাষ্ট্ৰপতি তৰ্কযুদ্ধ
আমেৰিকাৰ ৰাষ্ট্ৰপতি তৰ্কযুদ্ধ

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন তৰ্কযুদ্ধ :

মধ্যস্থতাকাৰী আৰু আৰ্হি: বিখ্যাত ফক্স নিউজৰ জ্যেষ্ঠ সাংবাদিক ক্ৰিছ ৱালেচে পৰিচালনা কৰিব এই তৰ্কযুদ্ধ ৷ 2016ৰ তৰ্কযুদ্ধও ৱালেচে পৰিচালনা কৰিছিল ৷ 2016ৰ তৰ্কযুদ্ধৰ পূৰ্বে ইয়াক তেওঁ নিজৰ কৰ্ম হিচাপে নলৈ সঁচাৰ প্ৰকাশ হিচাপে গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছিল ৷

সুৰক্ষাজনিত ব্যৱস্থা: কোভিড-19 মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি সাধাৰণ জনতাৰ এই তৰ্কযুদ্ধত অংশগ্ৰহণৰ বাবে বিশেষ সুৰক্ষাজনিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ তৰ্কৰ পূৰ্বে ট্ৰাম্প আৰু বিদেনে কৰমৰ্দন নকৰিব আৰু এক নিৰ্দিষ্ট দুৰত্বত থকা পডিয়ামৰ ভিতৰৰ পৰাই ইজনে সিজনৰ বিপৰীতে যুক্তি প্ৰদৰ্শন কৰিব ৷

কৌশল আৰু পদ্ধতি: ট্ৰাম্প, যি এগৰাকী প্ৰাক্তন ৰিয়েলিটী শ্ব ষ্টাৰ, কেমেৰাৰ সন্মুখত সাধাৰণভাৱে সহজ আৰু নিয়মানুৱৰ্তী তৰ্কযুদ্ধ পৰিকল্পনা এৰাই চলে ৷ তেওঁ সাধাৰণতে তৰ্কযুদ্ধত অৱতীৰ্ণ হোৱাৰ পূৰ্বে সাধাৰণভাৱে নিজৰ মন্তব্য প্ৰকাশ কৰাৰ লগতে সকলোকে মোহিত কৰিবলৈ সক্ষম থাকে ৷

আমেৰিকাৰ ৰাষ্ট্ৰপতি তৰ্কযুদ্ধ
আমেৰিকাৰ ৰাষ্ট্ৰপতি তৰ্কযুদ্ধ

ডেম'ক্ৰেটিক দলৰ প্ৰাথমিক তৰ্কযুদ্ধত বিদেনে বহুটো অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল ৷ যিয়ে তেওঁক ৰাষ্ট্ৰপতিৰ বিপৰীতে এগৰাকী তাৰ্কিক হিচাপে অধিক সহজ কৰি তোলে ৷ বিদেন এগৰাকী ফেক্ট চেকাৰ হিচাপে জনাজাত যদিও যিকোনো বিতৰ্কত সোমাই নপৰাটোও তেওঁৰ বৈশিষ্ট ৷

লগতে পঢ়ক : গিলগিট বাল্টিস্তানৰ নিৰ্বাচনক লৈ পাকিস্তানক সমালোচনা ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.