ETV Bharat / international

জ' আমি কৰি দেখুৱালো : কমলা হেৰিছ

author img

By

Published : Nov 8, 2020, 9:02 AM IST

যুক্তৰাষ্ট্ৰৰ প্ৰথমগৰাকী মহিলা উপ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত ভাৰতীয় মূলৰ কমলা হেৰিছ ৷ ডেমক্ৰেট প্ৰাৰ্থী জ' বিডেন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাত কমলা হেৰিছৰ আনন্দ প্ৰকাশ ৷ প্ৰথম গৰাকী মহিলা ৰাষ্ট্ৰপতি হোৱাৰ উপৰিও হেৰিছ হ'ব প্ৰথমগৰাকী কৃষ্ণাংগ মহিলা যিয়ে পোন প্ৰথমবাৰৰ বাবে যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে ৷ উপ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈয়ে সকলোকে কামত সহযোগৰ বাবে আহ্বান হেৰিছৰ ৷

জ' আমি কৰি দেখুৱালো : কমলা হেৰিছ
জ' আমি কৰি দেখুৱালো : কমলা হেৰিছ

নিউজ ডেস্ক, 8 নৱেম্বৰ: "জ' আমি কৰি দেখুৱালো ৷ আপুনি যুক্তৰাষ্ট্ৰৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি হ'বলৈ গৈ আছে ৷" জ' বিডেন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাক লৈ এইবুলি কৈ যুক্তৰাষ্ট্ৰৰ নৱনিৰ্বাচিত উপ ৰাষ্ট্ৰপতি কমলা হেৰিছে আনন্দ প্ৰকাশ কৰে ৷

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক পৰাজিত কৰি ডেমক্ৰেট প্ৰাৰ্থী জ' বিডেন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচিত হোৱাৰ লগে লগে বিডেনক ফোনযোগে অভিনন্দন জনাই হেৰিছে কয় , "আমি কৰি দেখুৱালো ৷ জ' আমি এইটো কৰি দেখুৱালো ৷ আপুনি যুক্তৰাষ্ট্ৰৰ পৰৱৰ্তী গৰাকী ৰাষ্ট্ৰপতি হ’বলৈ গৈ আছে ৷" এই সাফল্যক এক মিলিত প্ৰচেষ্টা বুলি হেৰিছে আখ্যা দিয়ে ৷

সংযুক্ত ৰাষ্ট্ৰৰ প্ৰথম গৰাকী মহিলা উপ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈ ইতিহাস সৃষ্টি ভাৰতীয় মূলৰ কমলা হেৰিছৰ ৷ এক টুইট যোগে নিজৰ অনুভৱ ব্যক্ত কৰি কমলা হেৰিছে কয় , "এই নিৰ্বাচন মোৰ বা বিডেনৰ বাবে বহুত কিবা কিবি ৷ এইয়া আমেৰিকাৰ আত্মা আৰু ইয়াৰ বাবে কাম কৰাৰ বাবে আমাৰ ইচ্ছাৰ সৈতে জড়িত এক বিষয় ৷ আমাৰ সন্মুখত বহুত কাম পৰি আছে ৷ আহক আমি আৰম্ভ কৰো ৷"

যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচিত হৈ হেৰিছে যুক্তৰাষ্ট্ৰ প্ৰথম গৰাকী মহিলা উপ ৰাষ্ট্ৰপতি হোৱাৰ লগতে প্ৰথমগৰাকী কৃষ্ণাংগ মহিলা উপ-ৰাষ্ট্ৰপতি হোৱাৰ গৌৰৱ অৰ্জন কৰিছে ৷ জামাইকান পিতৃ আৰু ভাৰতীয় মাতৃৰ ঔৰষত কমলা হেৰিছ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় পদ অলংকৃত কৰা প্ৰথম গৰাকী ভাৰতীয় মূলৰ লোক হ'ব ৷

লগতে পঢ়ক:বিজেপি চৰকাৰ বিশ্বাসঘাতকঃ লুৰিনজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.