ETV Bharat / international

বিশ্ববাসীক দীপাৱলীৰ শুভেচ্ছা জ' বিডেন আৰু কমলা হেৰিছৰ - ভাৰতীয়-আমেৰিকান

সংযুক্ত ৰাষ্ট্ৰ আৰু ভাৰতৰ লগতে বিশ্বৰ ভিন্ন প্ৰান্তত দীপাৱলী উদযাপন কৰা প্ৰত্যেককেই সংযুক্ত ৰাষ্ট্ৰৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি জ' বিডেনে জ্ঞাপন কৰিলে দীপাৱলীৰ শুভেচ্ছা ৷ সংযুক্ত ৰাষ্ট্ৰৰ প্ৰথম গৰাকী ভাৰতীয়-আমেৰিকান আৰু কৃষ্ণাংগ উপ- ৰাষ্ট্ৰপতি হিচাপে ইতিহাস ৰচনা কৰা নৱ-নিৰ্বাচিত উপ ৰাষ্ট্ৰপতি কমলা হেৰিছেও জ্ঞাপন কৰিলে পোহৰৰ উৎসৱৰ শুভেচ্ছা ৷

বিশ্ববাসীক দীপাৱলীৰ শুভেচ্ছা জ' বিডেন আৰু কমলা হেৰিছৰ

author img

By

Published : Nov 15, 2020, 1:38 PM IST

ৱাশ্চিংটন, 15 নৱেম্বৰ : সংযুক্ত ৰাষ্ট্ৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি জ' বিডেন আৰু আৰু উপ ৰাষ্ট্ৰপতি কমলা হেৰিছে পোহৰৰ উৎসৱ পালন কৰা প্ৰত্যেককেই শনিবাৰে দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে ৷

হিন্দু , জৈন, শিখ তথা বৌদ্ধ সকলো লোককে টুইটাৰযোগে সকলোকে শুভেচ্ছা জ্ঞাপন কৰি বিডেনে এইদৰে লিখে, “To the millions of Hindus, Jains, Sikhs, and Buddhists celebrating the Festival of Lights, @DrBiden and I send our best wishes for a #HappyDiwali. May your new year be filled with hope, happiness, and prosperity. Sal Mubarak,”

  • To the millions of Hindus, Jains, Sikhs, and Buddhists celebrating the Festival of Lights, @DrBiden and I send our best wishes for a #HappyDiwali. May your new year be filled with hope, happiness, and prosperity. Sal Mubarak.

    — Joe Biden (@JoeBiden) November 14, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

সংযুক্ত ৰাষ্ট্ৰৰ প্ৰথমগৰাকী ভাৰতীয়-আমেৰিকান আৰু আফ্ৰিকান-আমেৰিকান মহিলা ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈ ইতিহাস ৰচনা কৰা কমলা হেৰিছেও টুিটাৰযোগে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে ৷ তেওঁ লিখে, “ Happy Diwali and Sal Mubarak! @DouglasEmhoff and I wish everyone celebrating around the world a safe, healthy, and joyous new year, ”

  • Happy Diwali and Sal Mubarak! @DouglasEmhoff and I wish everyone celebrating around the world a safe, healthy, and joyous new year.

    — Kamala Harris (@KamalaHarris) November 14, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ভাৰত, আমেৰিকা তথা বিশ্বৰ ভিন্ন প্ৰান্তত দীপাৱলী উদযাপন কৰা প্ৰত্যেককে এক যুটীয়া বিবৃতি যোগে বিডেন আৰু হেৰিছ দুয়ো সকলোকে দীপাৱলীৰ সুভেচ্ছা জনায় ৷

তেওঁলোকে কয় যে অতিমাৰীৰ সময়ছোৱাৰ বিভিন্ন উৎসৱ সমূহৰ ভিতৰত এই বছৰৰ দীপাৱলীৰ তাৎপৰ্য আমি বুজিছো ৷ আমি সকলোৱে জানো আন্ধাৰৰ বিপৰীতে পোহৰ, অজ্ঞানৰ বিপৰীতে জ্ঞান তথা উদাসীনতাৰ বিপৰীতে সহানুভূতি ইত্যাদি বহু অৰ্থৰে সৈতে এই বৰ্ষৰ দীপাৱলীৰ যথেষ্ট তাৎপৰ্য আছে ৷

তেওঁলোকে একেমুখে এইবুলি কয় , "চলিত বৰ্ষটোত যিসকলে নিজৰ আপোন মানুহক হেৰুৱাব লগীয়া হ'ল তেওঁলোকৰ বাবে আমাৰ সহানুভূতি আছে ৷ কিন্তু দীপাৱলীয়ে আমাৰ সকলোৰে মাজত থকা আশা আৰু সপোনক পোহৰাই তোলাৰ লগতে বিভেদ পাহৰি প্ৰত্যেকেই প্ৰত্যেকৰ বাবে বিশ্বাস ৰখাৰ কথা সোঁৱৰাই দিয়ে ৷ আজি আমি এই পোহৰ প্ৰত্যক্ষ কৰিছো আৰু ইয়ে আমাক আন্ধাৰ নাশি পোহৰৰ দিশলৈ আগুৱাই নিব ৷"

অনাগত বৰ্ষত হোৱাইট হাউচত দীপাৱলী উদযাপন কৰাৰ কথা কৈ তেওঁলোকে কয় যে , "যিহেতু এইবাৰ সামাজিক দূৰত্ব মানি আৰু ভিডিঅ' কলৰ জৰিয়তে দীপাৱলী উদযাপন কৰা হৈছে , আমি আশা ৰাখিছো যে অনাগত বৰ্ষত আমি সকলোৱে হোৱাইট হউচত একেলগে পোহৰৰ এই উৎসৱ পালন কৰিম ৷"

লগতে পঢ়ক: বাংলা অভিনেতা সৌমিত্ৰ চেটাৰ্জীৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.