নিউজ ডেস্ক, 7 আগষ্টঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ষ্টেট ছেক্ৰেটেৰি মাইক পম্পেই আৰু ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ মাজত বৃহস্পতিবাৰে অনুষ্ঠিত হয় এলানি আলোচনা ৷ ভাৰত আমেৰিকাৰ সম্বন্ধ আৰু ভাৰতীয় উপমহাদেশত শান্তি,সমৃদ্ধি তথা সুৰক্ষা সম্বন্ধীয় আলোচনাৰ লগতে কোভিড 19ৰ পৰৱৰ্তী পৰিস্থিতি সন্দৰ্ভত গ্ৰহণ কৰিব লগা পদক্ষেপ সম্পৰ্কে আলোচনা কৰে দুয়োগৰাকী নেতাই ৷ এই বৈঠকৰ পাছতেই যুক্তৰাষ্ট্ৰৰ ৰাজ্য বিভাগৰ মুখপাত্ৰ কালে ব্ৰাউনে এক বিবৃতি যোগে মন্তব্য কৰে যে,দ্বিপাক্ষিক তথা আন্তঃৰাষ্ট্ৰীয় সমস্যা সন্দৰ্ভত দুয়োখন দেশে একত্ৰিত ভাৱে পদক্ষেপ গ্ৰহণৰ বাবে ইচ্ছা প্ৰকাশ কৰাৰ লগতে চলিত বৰ্ষৰ শেষৰ ফালে দুয়োখন দেশে চাৰিকোণীয়া মন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ বাবেও আগ্ৰহ প্ৰকাশ কৰে ৷
-
Great speaking with Indian Minister of External Affairs @DrSJaishankar about the U.S.-India relationship and our work to combat the COVID-19 pandemic. We remain united to advance peace in Afghanistan, and to a secure and sovereign Indo-Pacific in which all countries can prosper.
— Secretary Pompeo (@SecPompeo) August 6, 2020 " class="align-text-top noRightClick twitterSection" data="
">Great speaking with Indian Minister of External Affairs @DrSJaishankar about the U.S.-India relationship and our work to combat the COVID-19 pandemic. We remain united to advance peace in Afghanistan, and to a secure and sovereign Indo-Pacific in which all countries can prosper.
— Secretary Pompeo (@SecPompeo) August 6, 2020Great speaking with Indian Minister of External Affairs @DrSJaishankar about the U.S.-India relationship and our work to combat the COVID-19 pandemic. We remain united to advance peace in Afghanistan, and to a secure and sovereign Indo-Pacific in which all countries can prosper.
— Secretary Pompeo (@SecPompeo) August 6, 2020
উল্লেখ্য যে,আমেৰিকা যুক্তৰাষ্ট্ৰ,অষ্ট্ৰেলিয়া,জাপান আৰু ভাৰতে "Quad" গোট গঠনৰ বাবে পুনৰ আগ্ৰহ প্ৰকাশ কৰিছিল বুলি কিছুদিন আগত মন্তব্য কৰিছিল যুক্তৰাষ্ট্ৰৰ ষ্টেট ছেক্ৰেটেৰী মাইক পম্পেই ৷ বিষয়া গৰাকীয়ে লগতে উল্লেখ কৰিছিল যে,দক্ষিণ চীন সাগৰৰ সমস্যা আন্তঃৰাষ্ট্ৰীয় আইনৰ যোগেদিহে সমাধান কৰা হ’ব ৷ ক'ভিড 19ৰ সংকটৰ সময়ত চুবুৰীয়া দেশ সমূহৰ লগত সীমা বিবাদত লিপ্ত হোৱাৰ লগতে দক্ষিণ চীন সাগৰৰ সমস্যা সমূহক অধিক স্পৰ্শকাতৰ কৰি তোলাৰ বাবে চীনা কমিউনিষ্ট পাৰ্টিক দোষাৰোপ কৰাৰ লগতে সকলো দেশকে চীনৰ এই আগ্ৰাসী নীতিৰ বিৰুদ্ধে একত্ৰিতভাৱে পদক্ষেপ গ্ৰহণৰ বাবে আহ্বান জনাইছিল বিষয়াগৰাকীয়ে ৷
গুৰুত্বপূৰ্ণ যে,আন্তঃআফগান সমস্যা সম্বন্ধীয় আলোচনাৰ বাবে যুক্তৰাষ্ট্ৰখনৰ বিষয়া গৰাকী আৰু তালিবানৰ বিষয়া মুল্লাহ আব্দুল ঘানী বাৰাদাৰ ভিডিঅ’ কনফাৰেন্সযোগে বৈঠকত মিলিত হৈছিল ৷ আফগানিস্তানৰ পৰা আমেৰিকান সেনাবাহিনী প্ৰত্যাহাৰৰ বাবে চলিত বৰ্ষৰ 29 ফেব্ৰুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু তালিবানী উগ্ৰবাদী গোটৰ মাজত কাটাৰৰ ৰাজধানী ডোহাত এক চুক্তি স্বাক্ষৰিত হৈছিল ৷ বিগত সপ্তাহত ইদৰ বাবে তালিবানে ঘোষণা কৰা তিনিদিনীয়া শান্তি চুক্তিক আফগান চৰকাৰে আদৰণি জনাইছিল ৷
লগতে পঢ়কঃৰহা মীন মহাবিদ্যালয় পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ