ETV Bharat / international

বিডেনক লৈ সৰৱ ৰাষ্ট্ৰপতি ট্ৰাম্প, বিডেনৰ দিনত দৰিদ্ৰতা আহিব

author img

By

Published : Oct 22, 2020, 11:34 AM IST

গাষ্টোনিয়া চহৰত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিডেনৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৰাষ্ট্ৰপতি ট্ৰাম্প ৷ বিদেনে নিৰাশাবাদ আৰু দৰিদ্ৰতা লৈ আহিব বুলি কোৱাৰ বিপৰীতে ট্ৰাম্পে আশাবাদ আৰু সুবিধা প্ৰদান কৰিব বুলি কয় ট্ৰাম্পে ৷

বিডেনক লৈ সৰৱ ৰাষ্ট্ৰপতি ট্ৰাম্প, বিদেনৰ দিনত দৰিদ্ৰতা আহিব

নিউজ ডেস্ক, 22 অক্টোবৰ : আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ এখন সভাত অংশগ্ৰহণ কৰি পুনৰ নিৰ্বাচিত হ'লে আশাবাদ আৰু সুবিধা প্ৰদান কৰিব বুলি উল্লেখ কৰে বৰ্তমানৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ৷ গাষ্টোনিয়া চহৰত অনুষ্ঠিত হোৱা এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি প্ৰতিদ্বন্দী জ' বিডেনৰ বিৰুদ্ধে সৰৱ হৈ পৰে ট্ৰাম্প ৷ ট্ৰাম্পৰ মতে, বিডেন নিৰ্বাচিত হ'লে আমেৰিকা যুক্তৰাষ্ট্ৰই নিৰাশাবাদ আৰু দৰিদ্ৰতাৰ সৈতে যুঁজিব লাগিব ৷ বিপৰীতে ট্ৰাম্প পুনৰ নিৰ্বাচিত হ'লে আমেৰিকাই আশাবাদ আৰু সুবিধা লাভ কৰিব ৷

3 নৱেম্বৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ এনে অৱস্থাত ট্ৰাম্পে এই নিৰ্বাচনক ৰাজনীতিত বিডেনৰ 47 বৰ্ষ আৰু ৰাষ্ট্ৰপতি হিচাপে ট্ৰাম্পৰ 47 মাহ বুলি উল্লেখ কৰে ৷ ট্ৰাম্পৰ অভিযোগ বিগত 47 বছৰে বিডেনে চাকৰি বাতিল কৰাৰ লগতে সীমান্তসমূহ মুকলি কৰি দিছে ৷ নৰ্থ কেলিফৰ্নিয়াৰ গাষ্টোনিয়াত এই অভিযোগ উত্থাপন কৰে ৰাষ্ট্ৰপতি ট্ৰাম্পে ৷ "আগন্তুক বৰ্ষলৈ জীৱনযাত্ৰা সাধাৰণ হৈ পৰিব আৰু এক মহান অৰ্থনৈতিক বৰ্ষ হিচাপে চিহ্নিত হ'ব 2021 ৷ আমি ইয়াৰ বাবে আগবাঢ়ি গৈ আছো ৷ এই নিৰ্বাচনত ট্ৰাম্পক পুনৰ নিৰ্বাচিত কৰা আৰু বিডেনক পৰাজয় কৰাটোৱে আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ ৷" নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এইদৰে কয় ট্ৰাম্পে ৷ এয়া হ'ব ট্ৰাম্প বুম অথবা বিডেন লকডাউন ৷ বিডেনে থেৰাপিসমূহ পলম কৰিব, ভেকচিন বন্ধ কৰি ৰাখিব, দীৰ্ঘদিনলৈ মহামাৰী চলি থাকিব দিব, বিদ্যালয় আৰু দেশখন বন্ধ কৰি ৰাখিব বুলি কয় ট্ৰাম্পে ৷ ইয়াৰ উপৰিও বিডেনে অধিক হাৰে কৰ সংগ্ৰহ কৰিব বুলিও অভিযোগ তোলে ট্ৰাম্পে ৷

লগতে পঢ়ক : আমেৰিকান ভোটাৰসকলক ধমকি দিয়া সন্দৰ্ভত মুখ খুলিলে আমেৰিকা কৰ্তৃপক্ষই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.