ETV Bharat / international

Google ৰ 2025 বৰ্ষলৈ 100 শতাংশ প্লাষ্টিকমুক্ত পেকেজিঙৰ লক্ষ্য - Google

2025 চনলৈ Google য়ে তেওঁলোকৰ উৎপাদন সামগ্ৰী সমূহৰ পেকেজিং 100 শতাংশ প্লাষ্টিকমুক্ত আৰু সম্পূৰ্ণ পুনৰনৱীকৰণ কৰাৰ সংকল্প লৈছে ৷

Google য়ে 2025 বৰ্ষলৈ 100 শতাংশ প্লাষ্টিকমুক্ত পেকেজিঙৰ লক্ষ্য লৈছে

author img

By

Published : Oct 27, 2020, 4:17 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 27 অক্টোবৰ: Google য়ে 2025 চনলৈ তেওঁলোকৰ উৎপাদন সামগ্ৰী সমূহৰ পেকেজিং 100 শতাংশ প্লাষ্টিকমুক্ত আৰু সম্পূৰ্ণ পুনৰনৱীকৰণ কৰাৰ সংকল্প লৈছে ৷ শেহতীয়াকৈ মুকলি কৰা Pixel 5 ৰ বেক হাউচিং 100 শতাংশ পুনঃ নৱীকৰণযুক্ত এলুমিনিয়ামেৰে তৈয়াৰ কৰা হৈছে ৷ এক বিবৃতিযোগে এই কথা জানিবলৈ দিয়ে Google য়ে ৷

  • Google য়ে জনায়, 2016 বৰ্ষৰ পৰাই তেওঁলোকে নিজৰ সামগ্ৰী সমূহৰ পেকেজিঙত প্লাষ্টিকৰ পৰিমাণ কমায় দিয়ে ৷ কিন্তু এই নতুন লক্ষ্যক সম্পূৰ্ণ কৰিবলৈ তেওঁলোকে আগলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব বুলি উল্লেখ কৰে ৷
  • চাষ্টেইনেবিলিটী চিষ্টেমৰ আৰ্কিটেক্ট ডেভিদ বোৰ্নে কয়, "আমি সেই স্থানত উপনীত হ'বলৈ হ'লে বৈকল্পিক, পুনৰনৱীকৰণযোগ্য সামগ্ৰীসমূহক একত্ৰিত কৰিব লাগিব ৷ যিয়ে বৰ্তমনেও আমাৰ উৎপাদনসমূহক ৰক্ষা কৰিব ৷"
  • বিগত বৰ্ষত Google য়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে, তেওঁলোকে তেওঁলোকৰ সকলো সামগ্ৰীত 2022 চনলৈ পুনৰনৱীকৰণযোগ্য সামগ্ৰী অন্তৰ্ভুক্ত কৰিব ৷

"আমাৰ নৱীনতম সংযোজন Nest Thermostat ত আমি 75 শতাংশ পূৰ্ব ব্যৱহৃত পুনৰনৱীকৰণযোগ্য প্লাষ্টিকৰ ব্যৱহাৰ কৰি ট্ৰীম প্লেট বনাইছো" বুলি উল্লেখ কৰে সংস্থাটোৱে ৷

লগতে পঢ়ক: শীৰ্ষ আঞ্চলিক-বিশ্বব্যাপী শক্তি ৰূপে ভাৰতক আদৰণি জনালে আমেৰিকাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.