নিউজ ডেস্ক, 17 এপ্ৰিলঃ কৰ'ণা ভাইৰাছ মহামাৰীৰ সংখ্যা প্ৰতিদিনে দ্ৰুতহাৰত বৃদ্ধি হৈ গৈ আছে । বৰ্তমান আক্ৰান্তৰ সংখ্যা হৈছে 21,82,823 গৰাকী । আনহাতে মৃত্যু হৈছে 1,45,551 গৰাকীৰ। আৰোগ্য লাভ কৰিছে 5,47,589 জনে ।
চীন দেশ,য'ত 2019 চনৰ ডিচেম্বৰত কৰ'ণা ভাইৰাছৰ উৎপত্তি হৈছিল,বৰ্তমান তাৰ পৰিৱেশ প্ৰায় সুস্থিৰ হৈ পৰিছে। অৱশ্যে দেশখনৰ বহু লোক বৰ্তমানে শংকিত হৈ আছে । ৰাষ্ট্ৰসংঘৰ সাধাৰণ সচিবে কয় যে COVID-19ৰ ফলত শিশু সকলৰ অধিক অনিষ্ট হৈছে । সেয়ে শিশুসকলক সংকটত পৰিবলৈ নিদিয়াকৈ সকলো পৰিয়ালকেই বিষয়টো গুৰত্ব সহকাৰে ল'বলৈ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সচিব এণ্টিনিয় গিউটেৰেচে আহ্বান জনাই।
লগতে পঢ়কঃ অভিলেখ ! ২০.৩ কোটি জনতাই চাইছিল মোডীৰ লক ডাউন ২.০ ৰ সম্বোধন