ETV Bharat / international

COVID-১৯: বিশ্বৰ ভিন্ন দেশৰ সামগ্ৰিক তথ্য

সমগ্ৰ বিশ্বত COVID-১৯ মহামাৰীৰ কবলত পৰিছে মুঠ ৫,১২,৪৩,৪২৩ জনৰো অধিক লোক। মহামাৰীৰে যুঁজি ১২,৬৯,৩০৫ জনৰো অধিক লোকে মৃত্যুক আঁকোৱালি লৈছে। বিশ্বৰ অৰ্থ ব্যৱস্থাত মোক্ষম আঘাত হানিছে কৰ'ণা মহামাৰীয়ে।

author img

By

Published : Nov 10, 2020, 3:12 PM IST

COVID-১৯: বিশ্বৰ ভিন্ন দেশৰ সামগ্ৰিক তথ্য
COVID-১৯: বিশ্বৰ ভিন্ন দেশৰ সামগ্ৰিক তথ্য

নেশ্যনেল ডেস্ক, ১০ নৱেম্বৰ: কৰ'ণা মহামাৰীয়ে বিশ্বজুৰি ৫,১২,৪৩,৪২৩ জনৰো অধিক লোকক সংক্ৰমিত কৰিছে। কালৰূপী COVID-১৯ত আক্ৰান্ত হৈ ১২,৬৯,৩০৫ জনৰো অধিক লোকৰ মৃত্যু হৈছে। সমগ্ৰ বিশ্বত বৰ্তমানলৈকে ৩,৬০,৫২,৮০৩ গৰাকী লোক আৰোগ্য হৈ উঠিছে। বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি মহামাৰীৰ সংক্ৰমণ হোৱা দেশ হিচাপে চিহ্নিত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। এতিয়ালৈকে দেশখনত ১,০৪,২১,৯৫৬ জনৰো অধিক লোক মহামাৰীত আক্ৰান্ত হৈছে আৰু ২,৪৪,৪৪৮ জন ৰোগীয়ে প্ৰাণ হেৰুৱাইছে।

COVID-১৯ মহামাৰীয়ে বিশ্ব অৰ্থনীতিত ব্যাপক প্ৰভাৱ পেলাইছে। এক প্ৰকাৰ কোঙা কৰি পেলাইছে বহু কেইখন দেশৰ অৰ্থব্যৱস্থা। বিশ্বৰ বিভিন্ন দেশৰ শাসনকৰ্তা তথা ৰাজনৈতিক নেতাই কৰ'ণাসৃষ্ট পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ কাম কৰাৰ পদ্ধতি সলনি কৰাৰ লগতে জীৱনশৈলীতো পৰিৱৰ্তন আনিবলৈ বাধ্য হৈছে। এতিয়া মাথোঁ আশা ভেকচিন প্ৰস্তুত হোৱালৈ। মহামাৰীৰ কৰাল গ্ৰাসৰ পৰা মুক্তি পাবলৈ সমগ্ৰ বিশ্বৰ জনতাই এতিয়া আশাৰে অপেক্ষা কৰিছে। বহুকেইখন ইউৰোপীয় দেশত মহামাৰীৰ নতুন পৰ্যায়ৰ সংক্ৰমণ আৰম্ভ হৈছে। পুনৰ লকডাউন ঘোষণা কৰাৰ লগতে নীতি-নিৰ্দেশনাও জাৰি কৰা হৈছে। ৰাইজক সাৱধানে থাকিবলৈ বাৰম্বাৰ অনুৰোধ জনাইছে দেশসমূহৰ চৰকাৰে।

লগতে পঢ়ক:যুদ্ধ বিৰতি উলংঘা কৰি পুনৰ ভাৰতক আক্ৰমণৰ চেষ্টা পাকিস্তানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.