ETV Bharat / international

বিশ্বত COVID-19ৰ শেহতীয়া তথ্য

সমগ্ৰ বিশ্বতে কৰ'ণা ভাইৰাছ মহামাৰীত আক্ৰান্ত হৈছে 26,37,888 জনতকৈয়ো অধিক লোক । মৃত্যু হৈছে 1,84,235 ৰো অধিক লোকৰ । আনহাতে আৰোগ্য হৈছে 7,17,819 জনৰো অধিক ব্যক্তি ।

author img

By

Published : Apr 23, 2020, 12:24 PM IST

বিশ্বত COVID-19 ৰ শেহতীয়া তথ্য
বিশ্বত COVID-19 ৰ শেহতীয়া তথ্য

নিউজ ডেস্ক, 23 এপ্ৰিলঃ প্ৰতিদিনেই বৃদ্ধি পাই আছে কৰ'ণা ভাইৰাছ মহামাৰীত আক্ৰান্ত হোৱা লোকৰ সংখ্যা । এই মহামাৰীয়ে এতিয়ালৈ আক্ৰান্ত কৰিছে 26,37,888 গৰাকী লোকক । মৃত্যুমুখত পেলাইছে 1,84,235 গৰাকীক ৷ আনহাতে,এই পৰ্যন্ত 7,17,819 গৰাকী লোক সুস্থ হৈ উঠিছে ৷

COVID-19 ৰ শেহতীয়া তথ্য
COVID-19 ৰ শেহতীয়া তথ্য

বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেণ্ড্ৰছ আধানম ঘেব্ৰায়েচাচে বুধবাৰে কয় যে, COVID-19 সংকট শীঘ্ৰেই অন্ত নপৰে,বহুকেইখন দেশত এতিয়াও প্ৰাৰম্ভিক পৰ্যায়তে ভাইৰাছৰ বিৰুদ্ধে যুঁজ চলি আছে ।

চীনত নতুনকৈ 10 জন লোকৰ মৃত্যুৰ বাতৰি আহিছে । এই দহজনৰ ভিতৰত 6 জন লোকেই আন দেশৰ নাগৰিক আছিল । কৰ'ণা ভাইৰাছৰ জন্মস্থান চীনৰ য়ুহান চহৰত বৰ্তমান মাত্ৰ 69জন লোক চিকিৎসাধীন হৈ আছে,ইয়াৰে দুজনৰ অৱস্থা সংকটজনক ।

কৰ'ণা ভাইৰাছৰ ফলত অধিকাংশ দেশেই লক ডাউন কৰাবলৈ বাধ্য হৈছে আৰু ইয়াৰ ফলত সকলো দেশেই বৃহৎ অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে । আমেৰিকা,বৃটেইন,জাৰ্মানী আদিৰ দৰে শক্তিশালী দেশ সমূহো COVID-19ৰ দ্বাৰা বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে ।

লগতে পঢ়কঃহেক হ'ল WHO, Wuhan Institute ৰ গুৰুত্বপূৰ্ণ তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.