ETV Bharat / international

চীন সম্পৰ্কত সৰৱ আমেৰিকাৰ ৰাষ্ট্ৰপতি - আন্তৰ্জাতিক নিয়মৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিব

চীন সম্পৰ্কত মন্তব্য প্ৰকাশ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনৰ । চীনে আমেৰিকাৰ পৰা চৰম প্ৰতিযোগিতাৰ আশা কৰাটো নিতান্তই আৱশ্যক বুলি মন্তব্য কৰে বাইডেনে ।

চীন সম্পৰ্কত সৰৱ আমেৰিকাৰ ৰাষ্ট্ৰপতি
চীন সম্পৰ্কত সৰৱ আমেৰিকাৰ ৰাষ্ট্ৰপতি
author img

By

Published : Feb 8, 2021, 3:14 PM IST

নিউজ ডেস্ক, ৮ ফেব্ৰুৱাৰী: চীন সম্পৰ্কত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনৰ মন্তব্য প্ৰকাশ । বাইডেন প্ৰশাসনৰ অধীনত চীনে আমেৰিকাৰ পৰা চৰম প্ৰতিযোগিতাৰ আশা কৰাটো নিতান্তই আৱশ্যক । কিন্তু ইয়াৰ দ্বাৰা সংঘাত সৃষ্টি কৰিব বিচৰা নাই । দেওবাৰে এক সাক্ষাৎকাৰত বাইডেনে এই মন্তব্য কৰিছিল । বাইডেনৰ শপত গ্ৰহণৰ দিনাৰে পৰা চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে কোনো আলাপ-আলোচনা হোৱা নাই । কিন্তু পূৰ্বতে দুয়োগৰাকী নেতাই কেবাবাৰো সাক্ষাৎ কৰিছিল । আগন্তুক দিনত দুয়োগৰাকীৰ মাজত কেতবোৰ বিষয়ত আলাপ-আলোচনা হ'ব বুলি আমেৰিকাৰ এক অনুষ্ঠানত উপস্থিত থাকি এইদৰে বাইডেনে কয় । ট্ৰাম্পে আমেৰিকা-চীন সম্পৰ্কত কৰা নীতিৰ অনুকৰণ বাইডেনে নকৰে ৷ কিন্তু আন্তৰ্জাতিক নিয়মৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিব বুলি কয় বাইডেনে ।

শেহতীয়াকৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপৰ পাচতে বাইডেনে এতিয়ালৈকে কানাডা, মেক্সিকো, ফ্ৰান্স, জাৰ্মানী, জাপান, দক্ষিণ কোৰিয়া, অষ্ট্ৰেলিয়া আৰু নাটো সচিব-প্ৰধান তথা নেতাসকলৰ সৈতে কথা-বতৰা পাতিছে ।

ড’নাল্ড ট্ৰাম্পে হোৱাইট হাউচ ত্যাগ কৰাৰ পাচত বাইডেনৰ প্ৰশাসনক লৈ চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ এজন মুখপাত্ৰই, এক কঠিন সময়ৰ অন্তত চীন-আমেৰিকাৰ দুয়োগৰাকী নেতাই দুয়ো দেশৰ বাবে ভৱিষ্যতৰ কথা চিন্তা কৰা বুলি ব্যক্ত কৰে । লগতে বাইডেন প্ৰশাসনে পেৰিছ জলবায়ু চুক্তিৰ সন্দৰ্ভত লোৱা সিদ্ধান্তক আদৰণি জনাইছে চীনৰ চৰকাৰে । অৱশ্যে, নতুন প্ৰশাসনে বাণিজ্য, টাইৱান, মানৱ অধিকাৰ আৰু দক্ষিণ চীন সাগৰৰ ওপৰত আমেৰিকাৰ কেতবোৰ নীতি দ্ৰুত পৰিৱৰ্তন কৰাৰ সম্ভাৱনা নাই বুলি প্ৰকাশ কৰিছে চীনা চৰকাৰে ।

লগতে পঢ়ক: সেনাৰ অধিগ্ৰহণৰ বিৰুদ্ধে ইয়াংগুনত তীব্ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.