নিউজ ডেস্ক, ১৪ জুনঃ ৰিঅ' অলিম্পিক পাৰ্কত ১২ জুনত কেইবাটাও দম্পত্তীয়ে পালন কৰে "ব্ৰাজিলিয়ান চেণ্ট ভেলেণ্টাইন দে" । ড্ৰাইভ ইনত 'লাইফ কাইন' নামৰ ছবিখন উপভোগ কৰি "ব্ৰাজিলিয়ান চেণ্ট ভেলেণ্টাইন দে" পালন কৰে দম্পতী কেইটাই ।
১৪ ফেব্ৰুৱাৰীত বিশ্বৰ প্ৰায় সকলো স্থানতে ভেলেণ্টাইন দে পালন কৰে যদিও ব্ৰাজিলবাসীয়ে ১২জুনত পালন কৰে প্ৰেমৰ বাবে এটা বিশেষ দিন হিচাপে "ব্ৰাজিলিয়ান চেণ্ট ভেলেণ্টাইন দে" ।
মহামাৰী কৰ'ণাৰ বাবে এইবাৰ ব্ৰাজিলৰ দম্পতী সকলে ৰেষ্টোৰেণ্ট, কনচাৰ্ট তথা চিনেমা হল গৈ নিজৰ প্ৰিয়জনৰ সৈতে চিনেমা উপভোগ কৰাৰ পৰা বিৰত থাকিল যদিও প্ৰায় ১২ টা দম্পতীয়ে সামাজিক দূৰত্ব বজাই উপভোগ কৰিলে ৰিঅ' অলিম্পিক পাৰ্কত ৰিঅ' ডি জেনিৰিঅ' এটি সংস্থাই চাৰি বছৰ পূৰ্বে অলিম্পিক গেমছৰ দ্বাৰা আয়োজিত কৰা 'লাইফ কাইন' নামৰ ছবিখন । লক ডাউন তথা বিশ্বজুৰি কৰ'ণা বাবে সন্মুখীন হোৱা সংকটৰ সময়ত সামাজিক দূৰত্ব বজাই ৰাখি ১০ জুনৰ পৰা ১৯ জুলাই ছবিখন উপভোগ কৰিব পাৰিব দম্পতীসমূহে ।