ETV Bharat / international

বলিভিয়াৰ ৰাষ্ট্ৰপতিৰ দেহত মহামাৰী COVID-19

বলিভিয়াৰ ৰাষ্ট্ৰপতি জিনাইন আনেজ শ্যাভেজৰ দেহত মহামাৰী COVID-19 ৰ উপস্থিতি । আনহাতে,বলিভিয়াত বৰ্তমান পৰ্যন্ত কৰ'ণা আক্ৰান্তৰ সংখ্যা ৮৩,০০০ লৈ বৃদ্ধি হৈছে বুলি সদৰি কৰে স্বাস্থ্য বিভাগে ।

author img

By

Published : Jul 10, 2020, 12:26 PM IST

বলিভিয়া
বলিভিয়া

নিউজ ডেস্ক,১০ জুলাইঃ আমেৰিকাৰ বলিভিয়াৰ ৰাষ্ট্ৰপতিৰ দেহত মহামাৰী কৰ'ণাৰ উপস্থিতি । বৃহস্পতিবাৰে বলিভিয়াৰ অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতি জিনাইন আনেজ শ্যাভেজে নিজে সদৰি কৰে এই কথা। আনহাতে,ইতিমধ্যে বলিভিয়াৰ স্বাস্থ্য মন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকৰ প্ৰধান তথা ৰাষ্ট্ৰপতি প্ৰশাসনৰ প্ৰধান দেহতো COVID-19 ৰ উপস্থিতি লাভ কৰে বুলি সদৰি কৰে স্বাস্থ্য বিভাগে ।

আনহাতে,জন হপকিন্স বিশ্ববিদ্যালয়ৰ তথ্য অনুসৰি,সমগ্ৰ বিশ্বজুৰি বৰ্তমান পৰ্যন্ত মহামাৰী COVID-19 ত আক্ৰান্ত হৈছে ১২.১ মিলিয়নৰো অধিক লোক । তাৰোপৰি এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে মুঠ ৫,৫২ গৰাকী লোকৰ । তাৰ ভিতৰত বলিভিয়াত বৰ্তমান পৰ্যন্ত কৰ'ণা আক্ৰান্তৰ সংখ্যা ৮৩,০০০ লৈ বৃদ্ধি পাইছে । আৰু এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ১,৫০০ গৰাকী লোকৰ ।

উল্লেখ্য যে, বিগত এসপ্তাহ পূৰ্বে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জাইৰ বলসোনাৰো মহামাৰী COVID-19ত আক্ৰান্ত হয় ।

লগতে চাওকঃ অসম চিকিৎসা মহাবিদ্যালয়ত কোভিড-19 ত আক্ৰান্ত ব্যক্তিৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.