ETV Bharat / international

আমেৰিকাৰ ৪৬ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব জ' বাইডেনে - জ' বাইদেনে

মাৰ্কিন যুক্তৰাষ্ট্ৰত সু-শাসন প্ৰতিষ্ঠা কৰাৰ প্ৰতিশ্ৰুতিৰে আজি আমেৰিকাৰ ৪৬ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব জোছেফ আৰ বাইডেনে। শপত গ্ৰহণ অনুষ্ঠানৰ এদিন পূৰ্বেই বাইডেন ডেলাৱেৰৰ পৰা আহি ৱাছিংটনত উপস্থিত হয় ।

আমেৰিকাৰ ৪৬ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব জ' বাইডেনে

author img

By

Published : Jan 20, 2021, 12:57 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ২০ জানুৱাৰী: নিৰ্বাচন সংক্ৰান্তীয় বিবাদ,হিংসাত্মক কাণ্ডই বিগত কিছুদিন ধৰি আমেৰিকাত অশান্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ পিছত অৱশেষত আজি ৰাষ্ট্ৰপতি হিচাপে জোছেফ আৰ বাইডেনৰ শপত গ্ৰহণ অনুষ্ঠানৰ দিন আহি পৰিছে । আমেৰিকাৰ ৪৬ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব । ৪ বছৰ পূৰ্বে গৃহনগৰ ডেলাৱেৰ এৰি অহা বাইডেনে শপত গ্ৰহণৰ পূৰ্বে পুনৰ গৃহ ভূমিলৈ যায় ।

শপত গ্ৰহণ অনুষ্ঠানৰ এদিন পূৰ্বেই তেওঁ ডেলাৱেৰৰ পৰা আহি ৱাছিংটনত উপস্থিত হয় । একতাৰ বাৰ্তা বিলাই আৰু তিক্ততাৰ বাবে বিভাজিত দেশখনলৈ শান্তি-সম্প্ৰীতি ঘূৰাই অনাৰ প্ৰতিশ্ৰুতিৰে নতুন দায়িত্ব গ্ৰহণ কৰিব বাইডেনে । ডেলাৱেৰৰ পৰা ৱাছিংটন ডিচিলৈ ৰাওনা হোৱাৰ পূৰ্বে ডেলাৱেৰবাসীক উদ্দেশ্যি তেওঁ কয় যে,আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি আৰু মুখ্য কামাণ্ডাৰৰ দায়িত্ব পালন কৰিবলৈ পাই আৰু ডেলাৱেৰত জন্মগ্ৰহণ কৰি তেওঁ গৌৰৱান্বিত ।

১৯৭৩ চনত ডেলাৱেৰৰ পৰা আটাইতকৈ কম বয়সীয়া মাৰ্কিন ছিনেটৰ হিচাপে নিৰ্বাচিত হৈছিল । ৰাজনৈতিক ক্ষেত্ৰত বহু ঘাত-প্ৰতিঘাত নেওচি নিজৰ দক্ষতাৰে আজি আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ আসন অলংকৃত কৰিব বাইডেনে । লগতে উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব ভাৰতীয় মূলৰ মহিলা কমলা হেৰিছে । কমলা হেৰিছে আমেৰিকাৰ প্ৰথম গৰাকী কৃষ্ণাংগ মহিলা উপ-ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব । ডেলাৱেৰবাসীক উদ্দেশ্যি চমূ ভাষণ প্ৰদান কৰাৰ সময়ত আবেগিক হৈ বাইডেনৰ দুচকুৰে চকুপানী বৈ আহে । চকুপানী মচি তেওঁ কয় যে,এয়া আবেগিক মুহূৰ্ত । ইয়াৰ পৰাই ৱাছিংটন অভিমুখে আমাৰ যাত্ৰা আৰম্ভ হ'ব ।

প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ'বামাৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয় যে,১২ বছৰ পূৰ্বে প্ৰাক্তন কৃষ্ণাংগ ৰাষ্ট্ৰপতি বাৰাক অ'বামাই তেওঁক ৰে'ল ষ্টেছনত অভিনন্দন জনাইছিল আৰু এতিয়া তেওঁ আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি হিচাপে শপত ল'বলগীয়া কৃষ্ণাংগ মহিলাগৰাকীক আদৰণি জনাব। ডেলাৱেৰৰ পৰা ৱাছিংটন অভিমুখে যাত্ৰা কৰাৰ সময়ত বাইডেনৰ লগত আছিল তেওঁৰ পত্নী জিল বাইদেন আৰু তেওঁলোকৰ সন্তান,নাতি-নাতিনীসহ পৰিয়ালৰ আন সদস্যসকল । গৃহভমিৰ পৰাই তেওঁ নেশ্যনেল মল অভিমুখে যাত্ৰা কৰে আৰু COVID-১৯ স্মাৰকত শ্ৰদ্ধা নিবেদন কৰে । তেওঁৰ সৈতে উপস্থিত থাকে কমলা হেৰিছ আৰু ড'গলাছ এমহফ, ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত কণ্ঠশিল্পী য়'লাণ্ডা আডমছৰ লগতে আন কেইবাগৰাকীও ব্যক্তি ।

লগতে পঢ়ক:শ্যামলা গোপালন আৰু কমলা হেৰিছৰ সাহসী যাত্ৰা...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.