ইন্টাৰনেশ্যনেল ডেস্ক, 27 জানুৱাৰী : আমেৰিকা নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ' বাইডেন আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ৱ্লাদিমিৰ পুটিনে এখন বৈঠকত মিলিত হয় ৷ হোৱাইট হাউচৰ প্ৰেছ সম্পাদক জেন পাছাকীয়ে জনোৱা মতে, দুয়োখন ৰাষ্ট্ৰৰ মাজত দ্বিপাক্ষিক চুক্তি সন্দৰ্ভত বৈঠক খনত আলোচনা কৰা হয় ৷
হোৱাইট হাউচৰ তথ্য মতে,ৰাষ্ট্ৰপতি জ' বাইডেন আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ৱ্লাদিমিৰ পুটিনে বৈঠকত মিলিত হৈ দুয়োখন দেশৰ মাজতে দ্বিপাক্ষিক চুক্তিৰ লগতে কৌশলগত অস্ত্ৰ চুক্তি সম্প্ৰসাৰণ সন্দৰ্ভত আলোচনা কৰে ৷ পাঁচ বছৰৰ বাবে পুনৰ এই চুক্তি সম্প্ৰসাৰণ কৰি ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখৰ পৰা সকলো কাম আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ অস্ত্ৰ নিয়ন্ত্ৰণ আৰু নিৰাপত্তা বিষয়ৰ ওপৰত কৌশলগত স্থিৰতা সম্পৰ্কে দুয়োখন দেশে আলোচনা কৰি ৰাষ্ট্ৰপতি বাইডেনে দুয়োখন দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে কাম কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷
ইফালে,ৰাষ্ট্ৰপতি জ' বাইডেনে বৈঠক খনত কেতবোৰ উদ্বেগমূলক বিষয়তো আলোচনা কৰাৰ লগতে চ'লাৰ উইণ্ড হেক,২০২০ চনৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্বাচনত ৰাছিয়াৰ হস্তক্ষেপ আৰু এলেক্সে নাৱালনীক গ্ৰেপ্তাৰ সন্দৰ্ভতো ৰাছিয়াৰ ৰাষ্ট্ৰপতি ৱ্লাদিমিৰ পুটিনৰ সৈতে কেতবোৰ আলোচনা কৰে ৷ কিন্তু সেই সকলোবোৰ বিষয় নিৰ্মূল কৰি পুনৰ দুয়োখন দেশে সম্পূৰ্ণ সহযোগিতাৰে কাম কৰি যাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷
লগতে পঢ়ক: বৰ্ণ বৈষম্য দূৰীকৰণৰ বাবে পদক্ষেপ লৈছে জ’ বাইডেনে