ETV Bharat / international

বাইডেন-হেৰিছৰ আদৰণিৰ বাবে ভাৰতীয় মূলৰ আমেৰিকানক কাৰ্যবাহী পৰিচালকৰ ৰূপত নিযুক্তি - সংযুক্ত ৰাষ্ট্ৰৰ 59 সংখ্যক আদৰণি অনুষ্ঠান

নিজৰ আদৰণি তথা শপত গ্ৰহণ অনুষ্ঠান আৰু ইয়াৰ আনুসংগিক উদযাপনসমূহ পৰিচালনা কৰাৰ বাবে কাৰ্যবাহী পৰিচালক হিচাপে এগৰাকী ভাৰতীয়-আমেৰিকানক নিযুক্তি দিলে বাইডেন আৰু হেৰিছে ৷ 2021 ৰ 20 জানুৱাৰিত সংযুক্ত ৰাষ্ট্ৰৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতি গৰাকীৰ শপত গ্ৰহণ অনুষ্ঠিত হ'ব ৷

ভাৰতীয় আমেৰিকানক কাৰ্যবাহী পৰিচালক হিচাপে নিযুক্তি

author img

By

Published : Dec 1, 2020, 8:27 PM IST

নেশ্যনেল ডেস্ক, 1 ডিচেম্বৰ: সংযুক্ত ৰাষ্ট্ৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি জ' বাইডেন আৰু উপ ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচিত কমলা হেৰিছে তেওঁলোকৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে কাৰ্যবাহী পৰিচালক হিচাপে এগৰাকী ভাৰতীয়-আমেৰিকানক নিযুক্তি প্ৰদান কৰিছে ৷

ভাৰতীয়-আমেৰিকান মাজু ভাৰ্গিছক বাইডেন আৰু হেৰিছে কাৰ্যবাহী পৰিচালক হিচাপে বাচনি কৰিছে ৷ মাজু ভাৰ্গিছে ডেমক্ৰেট প্ৰাৰ্থী বাইডেন আৰু তেওঁৰ সহযোগী কমলা হেৰিছৰ বাবে সংযুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানো চলাইছিল ৷ সোমবাৰে বাইডেনে আনুষ্ঠানিকভাৱে নীৰা টণ্ডনৰ নাম মেনেজমেন্ট আৰু বাজেট কাৰ্যালয়ৰ পৰিচালক হিচাপে ঘোষণা কৰিছিল ৷

2021 চনৰ 20 জানুৱাৰিৰ দিনটো সংযুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে জ' বাইডেন আৰু উপ ৰাষ্ট্ৰপতি হিচাপে কমলা হেৰিছৰ শপত গ্ৰহণৰ দিন হিচাপে ধাৰ্য কৰা হৈছে ৷ ক'ভিড-19 ৰ আতংকৰ মাজতে ডেম'ক্ৰেট প্ৰাৰ্থী বাইডেন আৰু হেৰিছৰ এই শপতগ্ৰহণ হ'ব সংযুক্ত ৰাষ্ট্ৰৰ 59 সংখ্যক আদৰণি অনুষ্ঠান ৷

লগতে পঢ়ক:বিএচএফৰ 56 তম প্ৰতিষ্ঠা দিৱসত উপস্থিত নাথাকে অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.