ETV Bharat / international

ভাৰতত মাৰ্কিন ৰাষ্ট্ৰদূত নিযুক্তিৰ বাবে এৰিক গাৰ্চেট্টিৰ নাম বিবেচনা - ভাৰতত মাৰ্কিন ৰাষ্ট্ৰদূত

ক'ভিড-১৯ৰ বৰ্ধিত সংক্ৰমণৰ মাজতে ভাৰতত মাৰ্কিন ৰাষ্ট্ৰদূতৰ নিযুক্তি কথা চিন্তা-চৰ্চা কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বিদেনে । ভাৰতত মাৰ্কিন ৰাষ্ট্ৰদূত হিচাপে লছ এঞ্জেলছৰ মেয়ৰ এৰিক গাৰ্চেট্টিক নিযুক্তি দিয়াৰ কথা বিবেচনা কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ।

Biden considering Los Angeles Mayor Eric Garcetti as Ambassador to India
ভাৰতত মাৰ্কিন ৰাষ্ট্ৰদূত নিযুক্তিৰ বাবে এৰিক গাৰ্চেট্টিৰ নাম বিবেচনা কৰিছে ৰাষ্ট্ৰপতি বিদেনে
author img

By

Published : May 5, 2021, 8:35 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ৫ মে': লছ এঞ্জেলছৰ মেয়ৰ এৰিক গাৰ্চেট্টিয়ে ভাৰতত মাৰ্কিন ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি লাভৰ সম্ভাৱনা আছে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বিদেনে তেওঁৰ নাম বিবেচনা কৰিছে বুলি প্ৰকাশ কৰিছে এক্স'ইছ সংবাদ গোষ্ঠীয়ে । তেওঁলোকৰ মতে, মাৰ্কিন ৰাষ্ট্ৰদূত পদৰ বাবে বহু লোকৰ নাম চৰ্চালৈ আহিছে আৰু গাৰ্চেট্টি হৈছে ইয়াৰ মাজৰে এজন ।

গাৰ্চেট্টিয়ে পূৰ্বে বিডেনৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সহ-অধ্যক্ষ হিচাপে কাম কৰিছিল । বিগত বৰ্ষৰ ডিচেম্বৰ মাহত তেওঁ কৈছিল যে, লছ এঞ্জেলছৰ মেয়ৰ হৈ থাকিবলৈ তেওঁ প্ৰশাসনৰ এক গুৰুত্ব পদৰ নিযুক্তিক প্ৰত্যাখ্যান কৰিছিল ।

১.৩৬ বিলিয়ন জনসংখ্যা থকা দেশখনত ক'ভিড-১৯ মহামাৰীয়ে ভয়াৱহ সংকট সৃষ্টি কৰাৰ সময়তে মাৰ্কিন ৰাষ্ট্ৰদূত নিযুক্তিৰ প্ৰসংগ উত্থাপন হৈছে । যোৱা মাৰ্চ মাহত ৰাষ্ট্ৰপতি বিডেনক সাম্ভাৱ্য ৰাষ্ট্ৰদূতৰ এখন তালিকা প্ৰদান কৰা হৈছিল । অৱশ্যে ৰাষ্ট্ৰদূত নিযুক্তিৰ বিষয়ে এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই ।

লগতে পঢ়ক:ভাৰ্চুৱেল সন্মিলনত অংশ ল'ব নৰেন্দ্ৰ মোডী-বৰিছ জনছনে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.