নেশ্যনেল ডেস্ক, 29 নৱেম্বৰ : চীনৰ ৱুহান চহৰত উদ্ভৱ হোৱা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা সংযুক্ত ৰাষ্ট্ৰত ক্ৰমাগতভাৱে বাঢ়ি গৈ থকাৰ পৰিপ্ৰেক্ষিত্বত ৰাষ্ট্ৰখনৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ' বাইডেনে শনিবাৰে ঘোষণা কৰে যে তেওঁ ক'ভিড-19 টাস্ক ফৰ্চত নতুনকৈ আৰু তিনিগৰাকী সদস্য অন্তৰ্ভুক্ত কৰিবলৈ গৈ আছে ৷
প্ৰাপ্ত তথ্য অনুসৰি জেন হপকিন্স, জিল জিম আৰু ডেভিড মাইকেল নামৰ তিনিগৰাকী নতুন সদস্যই ডেভিড কেচ্চলাৰ , বিবেক মূৰ্তি আৰু মাৰ্চেলা ননেজ স্মিথ ৰ সৈতে ক'ভিড টাস্ক ফৰ্চৰ দলটোত যোগদান কৰিব ৷ এই টাস্ক ফৰ্চক বাইডেনৰ লগতে নিৰ্বাচিত উপ ৰাষ্ট্ৰপতি কমলা হেৰিছক সহায় কৰাৰ দায়িত্ব প্ৰদান কৰা হৈছে ৷
এক বিবৃতিযোগে বাইডেনে কয় যে তেওঁক এনে লোকৰ এটা দল লাগে যিসকলে তেওঁক উপদেশ দিব পাৰে আৰু এনে পৰিৱৰ্তনৰ প্ৰয়োজন যি পৰিৱৰ্তনে বিভিন্ন দৃষ্টিভংগী দাঙি ধৰে ৷ তেওঁ কয় , "হপকিন্স, ডাঃ জিম আৰু ডাঃ মাইকেলে দলটো অধিক শক্তিশালী কৰিব আৰু ক'ভিড-19 ক প্ৰতিহত কৰাৰ বাবে থকা আমাৰ পৰিকল্পনাই যাতে চিকিৎসাৰ ফলাফলৰ ক্ষেত্ৰত লগতে এই কামত জড়িত লোকসকলৰ সমস্যাসমূহ ভালকে উত্থাপন কৰে তাৰ বাবে কাম কৰিব ৷
জন হপকিন্স বিশ্ববিদ্যালয়ৰ মতে সংযুক্ত ৰাষ্ট্ৰত ক'ভিডত আক্ৰান্তৰ সংখ্যাই 13 মিলিয়ন পাৰ কৰাৰ পাছতে বাইডেনে টাস্ক ফৰ্চত তিনি নতুন সদস্যক অন্তৰ্ভুক্ত কৰাৰ কথাৈ ঘোষণা কৰে ৷
লগতে পঢ়ক:বিজেপিয়ে কল খাই বাকলিটো খুৱাব বিটিচিবাসীক : নৱ শৰণীয়া