ETV Bharat / international

অষ্ট্ৰেলিয়াই হত্যা কৰিব 20 লাখ মেকুৰী, কিন্তু কিয় ? - মেকুৰী

অষ্ট্ৰেলিয়াই 2020ৰ ভিতৰত 20 লাখ মেকুৰীক হত্যা কৰাৰ এক পৰিকল্পনা গ্ৰহণ কৰিছে ৷ দেশখনৰ একাংশ চৰকাৰী বিষয়াৰ মতে অষ্ট্ৰেলিয়াত বিলুপ্তপায় প্ৰায় 34 বিধ বন্যপ্ৰাণী প্ৰজাতিৰ ভিতৰত 22 বিধৰ কাৰণেই সংকটৰ সৃষ্টি কৰিছে বিশেষ প্ৰজাতিৰ মেকুৰীবিধে ৷

অষ্ট্ৰেলিয়াই হত্যা কৰিব 20 লাখ মেকুৰী, কিন্তু কিয় ?
author img

By

Published : Apr 28, 2019, 8:50 AM IST

নিউজডেস্ক,28এপ্ৰিল: আচৰিত যেন লাগিলেও সত্য যে অষ্ট্ৰেলিয়াৰ প্ৰশাসনে প্ৰায় 20 লাখ বিশেষ প্ৰজাতিৰ মেকুৰীক হত্যা কৰাৰ এক পৰিকল্পনা গ্ৰহণ কৰিছে ৷ দেশখনৰ আগশাৰীৰ সংবাদপত্ৰ নিউৱৰ্ক টাইমছৰ মতে, অষ্ট্ৰেলিয়ান চৰকাৰে 2015 চনৰ এক পৰিকল্পনা অনুসৰি 2020 চনৰ ভিতৰত 20 লাখ মেকুৰী হত্যা কৰিব ৷ ইয়াৰে প্ৰথম বৰ্ষত 2 লাখ 11 হাজাৰ মেকুৰী ইতিমধ্যে হত্যা কৰা হৈছে ৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে মেকুৰীবোৰক প্ৰথমে ধৰি তাৰ পাচত গুলী মাৰি হত্যা কৰিছিল যদিও বৰ্তমান ইয়াক বিহ দি হত্যা কৰা হৈছে ৷

পিচে কিয় হত্যা কৰা হৈছে এই মেকুৰীবোৰক ?

অষ্ট্ৰেলিয়াৰ একাংশ বিষয়া-কৰ্মচাৰীৰ মতে দেশখনৰ 34 বিধ বিলুপ্তপায় বন্যপ্ৰাণীৰ প্ৰজাতিৰ ভিতৰত 22 বিধৰ বাবেই ভয়ানক এই মেকুৰীবোৰ ৷ লগতে 2017 ৰ জীৱ বিজ্ঞান সংৰক্ষণ বিষয়ত প্ৰকাশিত এক পত্ৰৰ অনুসৰি এই মেকুৰী প্ৰজাতিটোৱে প্ৰতিবছৰে 377 মিলিয়ন পক্ষী আৰু 649 সৰীসৃপ হত্যা কৰে ৷ ইপিনে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন বনমন্ত্ৰী জছ ফ্ৰাইডেনবাৰ্গৰ মতে এই বিশেষ প্ৰজাতিৰ মেকুৰীবিধ দেশখনৰ পৰিস্থিতি তন্ত্ৰ আৰু স্বাস্থ্যৰ বাবে অতি বিপজ্জনক ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.