ETV Bharat / international

ট্ৰাম্পৰ সিদ্ধান্তৰ বিৰুদ্ধে আইনী যুঁজত আমেৰিকাৰ আগশাৰীৰ কোম্পানী

author img

By

Published : Aug 12, 2020, 3:34 PM IST

ট্ৰাম্পৰ সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া আইনী যুঁজত অৱতীৰ্ণ হৈছে ইউ এচ চেম্বাৰ অৱ কমাৰ্চৰ লগতে অন্য বহু কেইটা ব্যৱসায়ীক সংস্থা ৷ য‘ত বিশ্বৰ আগশাৰীৰ তথ্য-প্ৰযুক্তিৰ লগত জড়িত Apple, Facebook, Amazon, Microsoft আৰু Twitter অন্তৰ্ভুক্ত হৈ আছে ৷

Apple, Amazon, FB join battle against Trump's visa restrictions
ট্ৰাম্পৰ সিদ্ধান্তৰ বিৰুদ্ধে আইনী যুঁজত আমেৰিকাৰ আগশাৰীৰ কোম্পানী

নিউজ ডেস্ক, 12 আগষ্ট: আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰা আমেৰিকাত থকা অস্থায়ী বিদেশী কৰ্মচাৰীৰ ভিজা বাতিলৰ সিদ্ধান্তৰ বিৰুদ্ধে যুঁজিবলৈ আগুৱাই আহিছে আমেৰিকাৰ আগশাৰীৰ টেকন'লজি কোম্পানী Apple, Facebook, Amazon, Microsoft আৰু Twitter ৷

উল্লেখ যে, জুন মাহত এক ঘোষণাৰ জৰিয়তে ট্ৰাম্পে বছৰটোৰ শেষলৈকে অস্থায়ী ভাবে আমেৰিকাত কৰ্মৰত বিদেশী কৰ্মচাৰীৰ ভিজা বাতিল কৰে ৷ য‘ত ভাৰতীয় কৰ্মচাৰীৰ সকলৰ H-1 ভিজাৰ লগতে অতিথি কৰ্মচাৰী ভিজাও অন্তৰ্ভুক্ত আছিল ৷

ক'ভিড-19 মহামাৰীৰ ফলত কৰ্মসংস্থাপন হেৰুওৱা আমেৰিকাৰ নিৱনুৱা সকলক কৰ্মসংস্থাপন প্ৰদান আৰু আমেৰিকাৰ নাগৰিক সকলৰ বাবে কৰ্মসংস্থাপন সু-নিশ্চিত কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷

এই ঘোষণাৰ পাছতে আমেৰিকাত কৰ্মৰত অন্য দেশৰ কৰ্মচাৰীসকললৈ সংকট নামি আহিছে ৷

কিন্তু ট্ৰাম্পৰ এই সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া আইনী যুঁজত অৱতীৰ্ণ হৈছে ইউ এচ চেম্বাৰ অৱ কমাৰ্চৰ লগতে অন্য বহু কেইটা ব্যৱসায়ীক সংস্থা ৷ য‘ত বিশ্বৰ আগশাৰীৰ তথ্য-প্ৰযুক্তিৰ লগত জড়িত Apple, Facebook, Amazon, Microsoft আৰু Twitter অন্তৰ্ভুক্ত হৈ আছে ৷

এই সন্দৰ্ভত Apple ৰ কাৰ্যবাহী বিষয়া টিম কুকে কয় যে, নতুন ঘোষণাই তেওঁক যথেষ্ট নিৰাশ কৰিছে ৷

লগতে পঢ়ক : কমলা হেৰিছক উপ-ৰাষ্ট্ৰপতি পদৰ বাবে মনোনীত বিডেনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.