ইন্টাৰনেশ্যনেল ডেস্ক, 21 আগষ্টঃ শেহতীয়াকৈ অনলাইন শ্বপিং এপ আমাজনে তেওঁলোকৰ প্লেটফৰ্মত উপলব্ধ বহু চাৰ্ট আঁতৰাই দিছে ৷ তথ্য অনুসৰি, উক্ত চাৰ্টসমূহত মাৰ্কিন ৰাজনীতিবিদ তথা গণতান্ত্ৰিক উপ ৰাষ্ট্ৰপতি মনোনীত প্ৰাৰ্থী কমলা হেৰিছৰ বিষয়ে বহু আপত্তিজনক মন্তব্য লিখা আছিল ৷
লগতে পঢ়কঃ চন্দ্ৰযান-২ য়ে সম্পূৰ্ণ কৰিলে চন্দ্ৰৰ কক্ষপথ প্ৰদক্ষিণৰ এটা বছৰ
আমাজনৰ এগৰাকী মুখপাত্ৰই সংবাদ মাধ্যমৰ আগত কয় যে, বিক্ৰেতাসকলে আমাৰ সংস্থাৰ নীতি-নিৰ্দেশনা অনুসৰি কাম কৰিব লাগিব ৷ যিসকলে এই নীতি-নিয়ম উলংঘন কৰিব তেওঁলোকক অপসাৰণ কৰাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব ৷ আমি ইতিমধ্যে এনেধৰণৰ সামগ্ৰীসমূহ অপসাৰণৰ কাম হাতত লৈছো ৷
উল্লেখ্য যে, হেৰিছে কিছুদিন পূৰ্বে জ' বিদেন সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰিছিল ৷ ইতিমধ্যে জ' বিদেনে আনুষ্ঠানিকভাৱে ডেম'ক্ৰেটিক পাৰ্টীৰ ৰাষ্ট্ৰপতিৰ মনোনয়ন গ্ৰহণ কৰিছে ৷