ETV Bharat / international

9/11 : আমেৰিকাৰ প্ৰতিৰক্ষা ব্যৱস্থাক সন্ত্ৰাসবাদে তচনচ কৰা এটা দিন - পশ্চিম উপকূলৰ গন্তব্যস্থান

9/11 আক্ৰমণৰ 19 বছৰ ৷ আমেৰিকাৰ প্ৰতিৰক্ষা ব্যৱস্থাক সন্ত্ৰাসবাদে তচনচ কৰা এটা দিন ৷ ভাইৰাছ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে স্মৃতি সৌধলৈ অহাৰ পৰিৱৰ্তে মৃতকক ঘৰতে স্মৰণ কৰাৰ আহ্বান ৷ স্মৃতিসৌধৰ আগধৰোতা সকলৰো মন্তব্য যে কৰ'ণাৰ পৰিপ্ৰেক্ষিতত স্মৰণিকা অনুষ্ঠানলৈ অহা লোকসকলৰ মাজত দুৰত্ব বজাই ৰখাৰ প্ৰতি তেওঁলোকে গুৰুত্ব আৰোপ কৰিছে ৷ একাংশৰ অভিযোগ 9/11 ৰ ঘটনাটোৰ পৰা পৰিয়ালৰ লোকসকলক একাষৰীয়া কৰাৰ বাবেহে এই সকলোবোৰ পৰিকল্পনা কৰা হৈছে

9/11 আক্ৰমণৰ 19 বছৰ
9/11 আক্ৰমণৰ 19 বছৰ
author img

By

Published : Sep 11, 2020, 3:05 PM IST

নেশ্যনেল ডেস্ক, 11 চেপ্তেম্বৰ: বিশ্বৰ আটাইতকৈ শক্তিশালী দেশ আমেৰিকাক সন্ত্ৰাসবাদে তচনচ কৰি যোৱাৰ আজি 19 বছৰ সম্পূৰ্ণ ৷ 9/11, আমেৰিকাবাসীৰ লগতে সমগ্ৰ বিশ্ববাসীক সন্ত্ৰাসবাদে আতংকিত কৰি তোলা এটা দিন ৷ 2001ত একাদিক্ৰমে হোৱা চাৰিটাকৈ ভয়ংকৰ আক্ৰমণে শক্তিশালী দেশখনৰ প্ৰতিৰক্ষা ব্যৱস্থাটোক যেন সমগ্ৰ বিশ্ববাসীৰ আগত এক প্ৰহসনৰূপে তুলি ধৰিছিল ৷ এই আক্ৰমণে যেন সুৰক্ষাৰ ক্ষেত্ৰত আমেৰিকাৰ ঠুনুকা স্বৰূপটোকে প্ৰতিফলিত কৰিছিল ৷ অৱশ্যে এই আক্ৰমণৰ পৰা আমেৰিকাই লাভ কৰিলে এক ভয়াৱহ শিক্ষা ৷ এই ঘটনাৰ পাছতে,ভৱিষ্যতে যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ বাবে সুৰক্ষা ব্যৱস্থাটোক আৰু অধিক কটকটীয়া কৰি তোলাৰ ক্ষেত্ৰত আমেৰিকাই মনোনিৱেশ কৰিলে ৷

9/11 : আমেৰিকাৰ প্ৰতিৰক্ষা ব্যৱস্থাক সন্ত্ৰাসবাদে তচনচ কৰা এটা দিন

সন্ত্ৰাসৰ আচল চেহেৰাক প্ৰতিফলিত কৰি দেশখনক এক গভীৰ চিন্তাত পেলাই 19 বছৰ আগতেই সংঘটিত এই ঘটনাই প্ৰায় 3,000 লোকৰ প্ৰাণ কাঢ়ি নিছিল ৷ চেপ্তেম্বৰ 11, 2001, পশ্চিম উপকূলৰ গন্তব্যস্থানৰ দিশে গৈ থকা অৱস্থাত 19 জন লোকে চাৰিখনকৈ মাৰ্কিন বিমান অপহৰণ কৰিছিল ৷ মাৰ্কিন সুৰক্ষা ব্যৱস্থাৰ ফোপোলা ৰূপটোক প্ৰতিফলিত কৰি সংঘটিত হোৱা এই ঘটনাৰ পাছতে,সেই দিনটোৰ পুনৰাবৃত্তি নহ'বৰ বাবে আজিৰ তাৰিখলৈকে মাৰ্কিন বাহিনীয়ে যথেষ্ট সচেষ্ট পদক্ষেপ লৈ অহা পৰিলক্ষিত হৈছে ৷

সৰ্বাধিক লোক হতাহত হৈছিল বিশ্ব বাণিজ্য কেন্দ্ৰত ৷ অপহৃত আমেৰিকান বিমানসেৱাৰ ফ্লাইট-11 আৰু ইউনাইটেড বিমানসেৱাৰ ফ্লাইট-175 য়ে ভৱনটোৰ উত্তৰ আৰু দক্ষিণ দুৰ্গত খুন্দা মৰাৰ ফলত 2753 জন লোকে প্ৰাণ হেৰুৱাইছিল ৷ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পৰত প্ৰায় 6 জন লোকে কথমপি আক্ৰমণটোৰ পৰা ৰক্ষা পৰে যদিও প্ৰায় 10,000 লোক ঘটনাটোত আহত হয় ৷ ৱাশ্চিংটনৰ পেন্টাগন ভৱনত অপহৃত আমেৰিকান বিমানসেৱাৰ ফ্লাইট 77 য়ে খুন্দা মৰাত 184 জন মানুহে প্ৰাণ হেৰুৱাই ৷ আকৌ ইউনাইটেড বিমানসেৱাৰ ফ্লাইট 93ৰ বিমানৰ কৰ্মকৰ্তাসহ 40 জন যাত্ৰীয়ে পেনচিলভেনিয়াত দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুক সাৱটি লয় ৷

9/11 ৰ এই আক্ৰমণৰ পাছতে বিশ্বত্ৰাস সন্ত্ৰাসবাদী ওচামা বিন লাডেনক আফগানিস্তানত কৰায়ত্ত্ব কৰাৰ বাবে ৱাশ্চিংটন উঠি পৰি লাগিছিল যদিও ই এক দীঘলীয়া পৰিক্ৰমা হিচাপে পৰিগণিত হ'ল ৷ আক্ৰমণৰ পাছত যদিও আক্ৰমণৰ মাষ্টাৰমাইণ্ডক আশ্ৰয় দিয়া তালিবানক ক্ষমতাৰ পৰা আতঁৰাই দিয়া হৈছিল, তথাপি অল-কায়দা প্ৰধানজনক নিঃশেষ কৰিবলৈ 10 টাকৈ বছৰৰ প্ৰয়োজন হ'ল ৷

ইয়াৰ পাছতো আফগানিস্তানত যুদ্ধ অব্যাহত থাকিল ৷ অৱশ্যে আমেৰিকান সৈন্য এতিয়াও দেশখনত ৰৈ গ'লেও সৈন্যসকলক নিজ দেশলৈ ঘূৰাই নিয়াৰ পথ প্ৰশস্ত কৰাৰ উদ্দেশ্যে তালিবানৰ সৈতে এক শান্তি চুক্তি স্বাক্ষৰ কৰিছে ৷

চলিত বৰ্ষত কৰ'ণা মহামাৰীয়ে অসংখ্য নীতি- নিয়মৰ সালসলনি ঘটোৱাৰ সময়তে 9/11ৰ সোঁৱৰণি অনুষ্ঠানৰ সালসলনি নোহোৱাকৈ নাথাকিল ৷ চেপ্তেম্বৰ 11 স্মৰণীয় প্লাজা আৰু বিশ্ব বাণিজ্য কেন্দ্ৰৰ কোণত একেলগে দুটাকৈ অনুষ্ঠানে সন্ত্ৰাসবাদী আক্ৰমণৰ 19 তম বৰ্ষপূৰ্তিৰ মুহূৰ্ত্তক চিহ্ণিত কৰিব ৷ উপ ৰাষ্ট্ৰপতি মাইক পেন্স দুয়োটা অনুষ্ঠানতে প্ৰত্যাশিত হোৱাৰ পৰিৱৰ্তে, ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু জ' বিডেনে পেনচিলভেনিয়াস্থিত ফ্লাইট 93 স্মৃতিসৌধলৈ যোৱাৰ পৰিকল্পনা কৰিছে ৷

নিউইয়ৰ্কত ভাইৰাছ সুৰক্ষাৰ নামত হালি পৰা দুই স্তম্ভক উজ্বলাই ৰখা আলোকসজ্জা প্ৰায় নুমুৱাই ৰখাৰ পৰিৱৰ্তে,শক্তি বিভাগে ভাইৰাছ গইনা লৈ এই বিশেষ দিনটো উদযাপন কৰাৰ পৰা সকলোকে বিৰত থাকিবলৈ আহ্বান জনাই ৷ স্মৃতিসৌধৰ আগধৰোতা সকলৰো মন্তব্য যে কৰ'ণাৰ পৰিপ্ৰেক্ষিতত সোঁৱৰণি অনুষ্ঠানলৈ অহা লোকসকলৰ মাজত দুৰত্ব বজাই ৰখাৰ প্ৰতি তেওঁলোকে গুৰুত্ব আৰোপ কৰিছে ৷ কিন্তু একাংশৰ অভিযোগ 9/11 ৰ ঘটনাটোৰ পৰা পৰিয়ালৰ লোকসকলক একাষৰীয়া কৰাৰ বাবেহে এই সকলোবোৰ পৰিকল্পনা কৰা হৈছে আৰু অপ্ৰকাশ্যভাৱে সদায়েই তেওঁলোকক এনে এক সম্ভাৱনীয়তাই চিন্তিত কৰি ৰাখিছিল ৷ নিজ পুত্ৰক হেৰুওৱা এজন পিতৃৰ মন্তব্য যে এইবছৰ পোনপ্ৰথমবাৰৰ বাবে তেওঁ নিজ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ঘৰতে থাকিব,কিন্তু তেওঁ ভাৱে যে স্মৃতিসৌধত গৈ মৃতকক স্মৰণ কৰাৰ বাবে আন লোকসকলৰ বাবে সুবিধা থাকিব লাগে ৷

লগতে পঢ়ক: প্ৰতিৰক্ষা খণ্ডৰ শক্তিশালী সহযোগিতাৰে জাপান-ভাৰতৰ চুক্তি সম্পাদন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.