ETV Bharat / international

ক'ভিড সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ 11 বিলিয়ন প্ৰতিষেধকৰ প্ৰয়োজন: ৰাষ্ট্ৰসংঘৰ সচিব

author img

By

Published : Jul 14, 2021, 1:47 PM IST

গোলকীয় প্ৰতিষেধক প্ৰদান পৰিকল্পনাৰ বাবে এক জৰুৰীকালীন টাস্ক ফ'ৰ্চ গঠনৰ বাবে আহ্বান ৰাষ্ট্ৰসংঘৰ সচিব (UN chief) এণ্টনিঅ' গুটেৰেছ (UN Secretary-General Antonio Guterres)ৰ ৷ সমগ্ৰ বিশ্বৰ পৰা ক'ভিডক সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ উদ্দেশ্য 11 বিলিয়ন প্ৰতিষেধকৰ প্ৰয়োজন বুলি মন্তব্য সচিবগৰাকীৰ ৷

বিশ্বৰ 70% টিকাকৰণৰ বাবে 11 বিলিয়ন পালিৰ প্ৰয়োজন: ৰাষ্ট্ৰসংঘৰ সচিব

ইন্টাৰনেশ্যনেল ডেস্ক, 14 জুলাই: বিশ্বৰ পৰা ক'ভিডক সম্পূৰ্ণৰূপে প্ৰতিহত কৰাৰ উদ্দেশ্যে তথা সমগ্ৰ বিশ্বৰ ৭০ শতাংশ লোকক টিকাকৰণৰ বাবে এতিয়াও ১১ বিলিয়ন পালি ক'ভিড প্ৰতিষেধকৰ প্ৰয়োজন আছে । ৰাষ্ট্ৰসংঘৰ সচিব এণ্টনিঅ' গুটেৰেছে (UN Secretary-General Antonio Guterres) মঙলবাৰে উল্লেখ কৰে এই কথা ৷ সকলোৱে ক’ভিডৰ পালি আৰু পুঁজিৰ প্ৰদান কৰিছে যদিও সেইয়া এতিয়াও পৰ্যাপ্ত নহয় বুলি জানিবলৈ দি তেওঁ কয় যে, "বিশ্বৰ ৭০ শতাংশ টিকাকৰণ আৰু মহামাৰীৰ সমাপ্তিৰ বাবে আমাক কমেও ১১ বিলিয়ন পালি প্ৰতিষেধকৰ প্ৰয়োজন ৷"

ৰাষ্ট্ৰসংঘৰ শীৰ্ষ বিষয়াগৰাকীয়ে লগতে লগতে কয় যে, "সকলো ঠাইতে সকলোৱে ক’ভিড-১৯ৰ প্ৰতিষেধক, পৰীক্ষণ, চিকিৎসা সমৰ্থন লাভ কৰিব লাগিব ৷ বিশ্বব্যাপী সম অধিকাৰ, এচিটি-এক্সিলাৰেটৰ(ACT-Accelerator) আৰু ভেকচিনৰ উপলব্ধতাই সকলোকে আশা প্ৰদান কৰিছে ৷" বিশ্বব্যাপী টিকাকৰণৰ ব্যৱধানে সকলোৰে প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলি মন্তব্য কৰি তেওঁ লগতে কয় যে, ভাইৰাছৰ পৰিৱৰ্তন হোৱাৰ লগে লগে ই আৰু অধিক মাৰাত্মক হৈ পৰে ।

গোলকীয় টীকাকৰণৰ পৰিকল্পনাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি গুটেৰেছে কয় যে, বিশ্বত ভেকছিনৰ উৎপাদন কমেও দুগুণ কৰা, ক’ভেক্সৰ জৰিয়তে ন্যায়সঙ্গত বিতৰণ নিশ্চিত কৰা, ৰূপায়ণ আৰু বিত্তীয় যোগানৰ সমন্বয় আৰু ৰাষ্ট্ৰীয় টিকাকৰণ কাৰ্যসূচীত সহায় কৰাৰ বাবে এক গোলকীয় টিকাকৰণ পৰিকল্পনাৰ প্ৰয়োজন । এই পৰিকল্পনাক বাস্তৱায়িত কৰাৰ বাবে এক জৰুৰীকালীন টাস্ক ফ'ৰ্চ গঠনৰ বাবেও তেওঁ আহ্বান জনায় ৷ তেওঁ কয় যে, এই টাস্ক ফ'ৰ্চে প্ৰতিষেধক উৎপাদন আৰু উৎপাদন কৰিব পৰা দেশসমূহৰ লগতে বিশ্ব স্বাস্থ্য সংস্থা, এচিটি-এক্সিলাৰেটৰৰ অংশীদাৰ আৰু আন্তৰ্জাতিক বিত্তীয় প্ৰতিষ্ঠানসমূহক একত্ৰিত কৰিব ৷

লগতে পঢ়ক : PNB Scam : মেহুল চৌক্সিৰ অন্যতম সহযোগী ধনেশ ছেঠক জামিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.