নিউজ ডেস্ক, 22 এপ্ৰিলঃ আমেৰিকাৰ মেক্সিকোত তেলৰ খাদ বিস্ফোৰণ হৈ 11 গৰাকী শ্ৰমিকৰ লগতে সহস্ৰাধিক সাগৰীয় জীৱৰ মৃত্যু হোৱা ঘটনাই পূৰ্ণ কৰিলে 10 বছৰ । মেক্সিকোৰ সমগ্ৰ প্ৰাকৃতিক পৰিৱেশক বিনষ্ট কৰিছিল সাগৰৰ মাজত হোৱা এই দুৰ্ঘটনাই ।
![10 years after BP spill: Oil drilled deeper; rules relaxed](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6886228_1-3.jpg)
কিন্তু এতিয়াও কোম্পানী সমূহে সাগৰৰ তলত গভীৰৰ পৰা গভীৰলৈ ড্ৰিলিং কৰি আছে । যাৰ ফলত পূৰ্বৰ দৰে দুৰ্ঘটনা সংঘটিত হ'লে আৰু অধিক লোকচানৰ সন্মূখীন হ'ব লাগিব ।
![10 years after BP spill: Oil drilled deeper; rules relaxed](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6886228_1-6.jpg)
2010 চনত হোৱা মেক্সিকোৰ দুৰ্ঘটনাটোত প্ৰায় 134 মিলিয়ন গেলান তেল নিৰ্গত হৈছিল । লৌচিয়ানাৰ পৰা ফ্লৰিডালৈ এই তেল সমূহ বিয়পি পৰিছিল । যাৰ ফলত মৃত্যু হৈছিল এক হাজাৰৰো অধিক সাগৰীয় জীৱৰ ।
![10 years after BP spill: Oil drilled deeper; rules relaxed](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6886228_1-5.jpg)
উদ্যোগ নেতা আৰু চৰকাৰী বিষয়াই কয় যে, পূৰ্বৰ ঘটনাৰ পুনৰাবৃত্তি নহ'বলৈ সতৰ্কতা অৱলম্বন কৰা হৈছে ।
![10 years after BP spill: Oil drilled deeper; rules relaxed](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6886228_1-4.jpg)
চৰকাৰে বিশেষকৈ খনন চলা স্থান সমূহৰ সঘন পৰিদৰ্শনৰ ব্যৱস্থা কৰিছে । কোম্পানী সমূহেও সুৰক্ষাৰ সজুলিৰ বাবে 2 বিলিয়ন আমেৰিকান ডলাৰ ব্যয় কৰিছে ।
লগতে পঢ়কঃ হায়দৰাবাদত কলিয়াবৰৰ যুৱকৰ আত্মহত্যা