নিউজ ডেস্ক, ২ জুনঃ জি-৭ত ৰাছিয়াৰ প্ৰত্যাৱৰ্তনত বিৰোধিতা কৰিছে ব্ৰিটেইন আৰু কানাডাই। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ৩০ মে'ত বিশ্বৰ অৰ্থনৈতিকভাৱে শক্তিশালী দেশৰ তালিকাত অন্তৰ্ভুক্তিৰ বাবে উত্থাপন কৰিছিল ৰাছিয়াৰ নাম ।
![UK, Canada oppose Russia's return to G7](https://etvbharatimages.akamaized.net/etvbharat/prod-images/03:44_7442973_677_7442973_1591090824511.png)
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ৩০ মে'ত জি-৭ৰ বৈঠক পলমকৈ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল ৷ ট্ৰাম্পে জি৭ৰ সদস্যসকল পুৰণি হোৱা বুলি উল্লেখ কৰি ৰাছিয়া,অষ্ট্ৰেলিয়া,দক্ষিণ কোৰিয়া আৰু ভাৰতক জি-৭ৰ সম্ভাৱ্য সদস্য হিচাপে নিৰ্বাচিত কৰাৰ কথা ব্যক্ত কৰে ৷
![UK, Canada oppose Russia's return to G7](https://etvbharatimages.akamaized.net/etvbharat/prod-images/03:44_7442973_576_7442973_1591090835475.png)
উল্লেখ্য যে,কানাডা,ফ্ৰান্স,জাৰ্মানী,ইটালী,জাপান,আমেৰিকা আৰু গ্ৰেট ব্ৰিটেইন হৈছে জি-৭ৰ সদস্য ৰাষ্ট্ৰৰ । কেইবাবছৰ পূৰ্বে ৰাছিয়ায়ো জি-৮ৰ সদস্য ৰাষ্ট্ৰ আছিল । ৰাছিয়াই ক্ৰিমিয়াক আক্ৰমণ কৰাত ২০১৪ চনত ৰাছিয়াক জি-৮ৰ পৰা বহিষ্কাৰ কৰা হয়। আমেৰিকাই পুনৰ ৰাছিয়াক জি-৭ৰ সম্ভাৱ্য সদস্য হিচাপে নিৰ্বাচিত কৰাৰ কথা ব্যক্ত কৰে যদিও ব্ৰিটেইন আৰু কানাডাই ইয়াৰ বিৰোধিতা কৰে ।
লগতে চাওকঃ চীনা সীমান্তত বন্ধ নহয় নিৰ্মাণকাৰ্যঃ বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্বন