নেশ্যনেল ডেস্ক, ২২ জুন : ৰাজধানী দিল্লী সোমবাৰে হোৱা তীব্ৰ বৃষ্টিপাতে দিল্লীৰ বহু অঞ্চল ক্ষতিগ্ৰস্ত কৰে । ভাৰতীয় ঋতু বিজ্ঞান বিভাগ (IMD)য়ে অনুমান কৰে যে,সোমবাৰে ৰাজধানী দিল্লীত পাতলীয়া বৰষুণৰ সৈতে আকাশ মেঘাচ্ছন্ন হৈ থাকিব ।
![দিল্লীৰ বিভিন্ন অঞ্চলত প্ৰৱল বৃষ্টিপাত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11:44:56:1592806496_7716515_ra.jpg)
উল্লেখ্য যে, বিগত দুদিন ধৰি ৰাজধানী দিল্লীত তীব্ৰ বৰষুণৰ লগতে ধুমুহাও বলা পৰিলক্ষিত হৈছে । সেয়েহে এতিয়া দিল্লীৰ তাপমান ৪০ ডিগ্ৰী ছেলছিয়াচতকৈ বেছি হৈ গৈছে । শুকুৰবাৰে আই.এম.ডিয়ে সদৰী কৰা মতে,আগন্তুক ২৫ জুনৰ আশে-পাশে দিল্লী আৰু হাৰিয়ানাত এছ.ডব্লিউ বতৰৰ অগ্ৰগতিৰ বাবে পৰিস্থিতি অনুকূল হোৱাৰ সম্ভাৱনা আছে ।
কিছুসংখ্যক বতৰ বিজ্ঞানীৰ তথ্য অনুসৰি,পশ্চিমবংগ আৰু ইয়াৰ সীমান্তৱৰ্তী ৰাজ্যত বলা ঘূৰ্ণীবতাহৰ ফলস্বৰূপে দিল্লীত সামান্য স্থিতিতকৈ ২-৩ দিন আগতীয়াকৈ বৰ্ষা ঋতুৰ প্ৰভাৱ পৰিব ।
লগতে পঢ়ক :বিলাসীপাৰাত বিদ্যুৎ যোগানৰ নামত মৰণ ফান্দ বিদুৎ বিভাগৰ