নতুন দিল্লী,১ অক্টোবৰ: কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু আৰু কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী বাদ্ৰাই বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ হাথৰছত উপস্থিত হ'ব। য'ত তেওঁলোকে দলবদ্ধ ধৰ্ষণৰ পাছত চিকিৎসালয়ত মৃত্যুবৰণ কৰা ভুক্তভোগী যুৱতীগৰাকীৰ পৰিয়ালৰ লোকক সাক্ষাৎ কৰিব।
![Rahul Priyanka visit hathras today](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9004699_hg.jpg)
দলীয় সুত্ৰই জানিবলৈ দিয়া অনুসৰি,কংগ্ৰেছ নেতৃত্বৰ উক্ত যাত্ৰাৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰৰ পৰা অনুমতি বিচৰা হৈছে আৰু তেওঁলোকে বৃহস্পতিবাৰে হাথৰছ অভিমুখে ৰাওনা হ'ব। তেওঁলোকৰ এই যাত্ৰাত সংগ দিব কংগ্ৰেছৰ কেইবাগৰাকীও নেতাই।
উল্লেখ্য যে,কংগ্ৰেছে বুধবাৰে ৰাজ্যব্যাপী হাথৰস ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আৰু ৰাহুল গান্ধীয়ে হাথৰছৰ দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ ভুক্তভোগী যুৱতীৰ মৃতদেহক বলপূৰ্বক ভাৱে দাহ কৰা কাৰ্যক উত্তৰ প্ৰদেশ চৰকাৰৰ লজ্জাজনক কাৰ্য বুলি ক্ষোভ প্ৰকাশ কৰে।
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে হাথৰছ দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ ভুক্তভোগী যুৱতীৰ মৃতদেহৰ দাহ-সৎকাৰ সন্দৰ্ভত এক সংবাদ ৰিপ'ৰ্টক টেগ কৰি টুইটাৰত এনেদৰে কয় যে,"ৰাজ্য চৰকাৰে দলিত সকলৰ ওপৰত অত্যাচাৰ কৰা আৰু সমাজত তেওঁলোকৰ স্থান দেখুৱাই দিয়াটো অতিকৈ লজ্জাজনক কাৰ্য"। তথা "আমাৰ যুদ্ধ এই ঘৃণনীয় চিন্তা ধাৰাৰ বিৰুদ্ধেই"বুলি মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।
লগতে পঢ়ক: হাথৰছ ঘটনাৰ বলি হোৱা যুৱতীৰ সৈতে হোৱা নাছিল ধৰ্ষণ : মৰনোত্তৰ প্ৰতিবেদন