ETV Bharat / headlines

লক ডাউনৰ সময়ত ঋণ পৰিশোধ নকৰাৰ উচ্চতম ন্যায়ালয়ৰ বিশেষ নিৰ্দেশনা - পৰৱৰ্তী শুনানিৰ সময়সীমা বৃদ্ধি

দেশৰ ব্যক্তিগত কোম্পানীসমূহৰ সন্দৰ্ভত শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ শুনানি গ্ৰহণ । আগন্তুক জুলাই মাহলৈকে ব্যক্তিগত কোম্পানীসমূহৰ ওপৰত কোনো জোৰ নিদিবলৈ শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায় উচ্চতম ন্যায়ালয়ে ।

ব্যক্তিগত কোম্পানীসমূহৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ শুনানি
লক ডাউনৰ সময়ত ঋণ পৰিশোধ নকৰাৰ উচ্চতম ন্যায়ালয়ৰ বিশেষ নিৰ্দেশনা
author img

By

Published : Jun 12, 2020, 4:52 PM IST

নেশ্যনেল ডেস্ক, ১২ জুন: লক ডাউনৰ ফলত আৰ্থিক সংকটে দেখা দিয়া আৰু কৰ্মচাৰীসকলক সঠিকভাৱে দৰমহা দিব নোৱাৰা দেশৰ ব্যক্তিগত কোম্পানীসমূহৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ শুনানি । কোম্পানীসমূহে ঋণ পৰিশোধ নকৰিলেও আগন্তুক জুলাই মাহলৈকে ব্যক্তিগত কোম্পানীসমূহৰ ওপৰত কোনো জোৰ নিদিবলৈ শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায় উচ্চতম ন্যায়ালয়ে ।

ব্যক্তিগত কোম্পানীসমূহৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ শুনানি
লক ডাউনৰ সময়ত ঋণ পৰিশোধ নকৰাৰ উচ্চতম ন্যায়ালয়ৰ বিশেষ নিৰ্দেশনা

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অশোক ভুষণ,সঞ্জয় কিশান কৌল আৰু এম আৰ শ্বাহৰ বিচাৰপীঠে কয় যে,ব্যৱসায় খণ্ডসমূহ পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহিবলৈ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু কৰ্মচাৰীসকলক কিছু সময়ৰ প্ৰয়োজন,দুয়োটা দিশৰ পৰা আলোচনাত মিলিত হোৱা উচিত আৰু দৰমহাৰ ক্ষেত্ৰত ইটোৱে আনটোৰ মাজত বুজাবুজিৰ প্ৰয়োজন ।

বিচাৰপীঠে সকলো ৰাজ্য চৰকাৰকে এই সন্দৰ্ভত সহায় সহযোগিতা আগবঢ়োৱাৰ লগতে শ্ৰম আয়ুক্তৰ দ্বাৰা এই বিষয়ত প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ আহ্বান জনায় । ২৯ মাৰ্চত সকলো ব্যক্তিগত প্ৰতিষ্ঠানে চৰকাৰক দিবলগীয়া কৰসমূহৰ ক্ষেত্ৰত আগন্তুক জুলাই মাহৰ শেষলৈকে পৰৱৰ্তী শুনানিৰ সময়সীমা বৃদ্ধি কৰে বিচাৰপীঠে ।

লগতে পঢ়ক: 33তম মৃত্যু বাৰ্ষিকীত বড়ো আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদক স্মৰণ ভিন্ন দল-সংগঠনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.