নেশ্যনেল ডেস্ক, ৫ জুন: গাঁৱৰ লগতে নগৰাঞ্চলসমূহতো বনাঞ্চল বৃদ্ধি ওপৰত সকলোৱে গুৰুত্ব প্ৰদান কৰা উচিত । মহামাৰী কৰ'ণা ভাইৰাছৰ আতংকৰ মাজতে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে শুকুৰবাৰে কেন্দ্ৰীয় পৰিৱেশীয় মন্ত্ৰী প্ৰকাশ জাভেডকাৰে এক অনুষ্ঠানযোগে সদৰী কৰে এই কথা ।
![বনাঞ্চলৰ সংখ্যা বৃদ্ধি কৰিব কেন্দ্ৰীয় চৰকাৰে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/02:08_7483733_8_7483733_1591339792775.png)
‘প্ৰকৃতি আৰু জৈৱ বৈচিত্ৰতা’ শীৰ্ষক এই অনুষ্ঠানত মন্ত্ৰী জাভেডকাৰে ২০০ খন চহৰ আৰু নিগম সংলগ্ন কৰি নগৰ ভেন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে যাৰ দ্বাৰা মানুহে নিজ নিজ ঠাইত বৃক্ষৰোপণৰ কাম বৃদ্ধি কৰিব পাৰিব । এই সমাৰোহত ভাগ লোৱা ৰাজ্যিক পৰিৱেশীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ই কয় যে,এই বছৰত কেন্দ্ৰীয় চৰকাৰে ১৪৫ কোটি গছপুলি ৰোপণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । লগতে তেওঁ সদৰী কৰে যে,যদি প্ৰতিজন ব্যক্তিয়ে প্ৰকৃতিৰ প্ৰতি তেওঁলোকৰ মৰম আৰু দায়িত্ব আছে বুলি ভাবে, তেন্তে এই প্ৰয়াস বাস্তৱায়িত হোৱাতো নিশ্চিত ।
লগতে পঢ়ক: বাক্সাৰ আমলাইগুৰিত জিলা প্ৰশাসনে মুকলি কৰিলে গছপুলি ৰোপন কাৰ্যসূচী