ETV Bharat / entertainment

Sapna Is Back : দ্য কপিল শৰ্মা শ্ব’ত স্বপ্নাৰ প্ৰৱেশ; চাওক প্ৰথম খণ্ডটোৰ ভিডিঅ’

author img

By

Published : Apr 25, 2023, 7:35 PM IST

জনপ্ৰিয় অভিনেতা তথা কমেডিয়ান কৃষ্ণা অভিষেকে জনপ্ৰিয় কমেডী শ্ব’ দ্য কপিল শৰ্মাত পুনৰ প্ৰৱেশ কৰিছে । কৃষ্ণা ওৰফে স্বপ্নাই নিজেই শ্বেয়াৰ কৰিলে ভিডিঅ’ (the kapil sharma show) ৷

Krushna Abhishek as Sapna returns in the kapil sharma show, watch
দ্য কপিল শৰ্মাত পুনৰ প্ৰৱেশ কৰিছে কৃষ্ণা অভিষেক

চিটাৰা ডেস্ক, 25 এপ্ৰিল: পুনৰ লাইমলাইটলৈ আহিছে কপিল শৰ্মাৰ জনপ্ৰিয় কমেডী শ্ব’ ‘দ্য কপিল শৰ্মা শ্ব’ । এইবাৰ এই অনুষ্ঠানটোৰ বিষয়ে যি খবৰ আহিছে, সেই খবৰে দৰ্শকক নিশ্চয় উৎফুল্লিত কৰি তুলিব ৷ আপুনি যদি কপিল শৰ্মা শ্ব’ৰ এগৰাকী প্ৰকৃত অনুৰাগী তেতিয়াহ’লে নিশ্চয় জানে যে বিগত সময়ত অভিনেতা তথা কমেডিয়ান কৃষ্ণা অভিষেককে ধৰি বহু কমেডিয়ানে এই অনুষ্ঠানটোৰ পৰা বিদায় লৈছিল (the kapil sharma show)।

কৃষ্ণাই এই শ্ব’টোত ‘স্বপ্না’ হিচাপে কমেডী কৰি অনুৰাগীৰ হৃদয় জয় কৰি আহিছিল, ইয়াৰ পিচতে হঠাতে অভিনেতাগৰাকীয়ে শ্ব’টোৰ পৰা বিদায় লৈছিল ৷ কিন্তু এতিয়া কৃষ্ণাৰ অনুৰাগীৰ বাবে আহিছে এটা সুখবৰ, কিয়নো পুনৰ শ্ব’টোত ঘূৰি আহিছে স্বপ্না ।

স্বপ্না ঘূৰি আহিছে দ্য কপিল শৰ্মা শ্ব’ত

হয়, কৃষ্ণাই এদিন পূৰ্বেই স্পষ্ট কৰিছিল যে তেওঁ পুনৰ শ্ব’টোত প্ৰৱেশ কৰিছে আৰু এই কথা ১০০% সঁচা হৈ পৰিছে, কৃষ্ণা অভিষেকে তেওঁৰ জনপ্ৰিয় কমিক চৰিত্ৰ 'স্বপ্না' হিচাপে শ্ব’টোলৈ ঘূৰি আহিছে । এতিয়া কৃষ্ণাই নিজেই মুকলি কৰিছে তেওঁৰ 'স্বপ্না' খণ্ডৰ প্ৰমো, য’ত 'স্বপ্না' হিচাপে কৃষ্ণাই ছলমান খানৰ ছবি 'মেনে প্যাৰ কিয়া'ৰ ছুপাৰহিট গীত 'দিল দীৱানা বিন ছজনা কে মানে না’ত গীতটিৰ সৈতে শ্ব’টোত প্ৰৱেশ কৰিছে (the kapil sharma show Sapna) ৷

এই ভিডিঅ’টো শ্বেয়াৰ কৰি কৃষ্ণাই কেপচনত লিখিছে, ‘স্বপ্না ঘূৰি আহিছে, আপোনালোকৰ মৰমৰ বাবে মোৰ অনুৰাগী পৰিয়ালক ধন্যবাদ’। একে সময়তে যেতিয়া শ্ব’টোত উপস্থিত দৰ্শকে স্বপ্নাক দেখিছিল, তেতিয়া তেওঁলোক আনন্দিত হোৱা দেখা যায় (Krushna Abhishek) ৷

কিয় শ্ব’ এৰি গৈছিল কৃষ্ণাই ?

উল্লেখ্য যে, গুটী তথা ডক্টৰ গোলাটীৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা সুনীল গ্ৰ’ভাৰকে ধৰি বহু শিল্পীয়ে দ্য কপিল শৰ্মা এৰি গৈছে । বিমানত কপিলৰ সৈতে সুনীলৰ বাক বিতণ্ডা হোৱাৰ বাবেই শ্ব’ এৰি যোৱাৰ কাৰণ বুলি কোৱা হৈছে । একে সময়তে মাচুলৰ কাৰণেই কৃষ্ণাই শ্ব’ এৰি যোৱাৰ কাৰণ বুলি কোৱা হৈছিল । যিয়ে নহওক এতিয়া স্বপ্না ঘূৰি আহিছে আৰু এতিয়া এই উইকেণ্ড শ্ব’ত স্বপ্নাই দৰ্শকক নিজৰ হাঁহিৰ খোৰাক দিব ।

লগতে পঢ়ক: Krushna Abhishek : ‘দ্য কপিল শৰ্মা শ্ব’ত পুনৰ আহি আছে স্বপ্না, এই ভাল খবৰটো নিজেই দিলে কমেডিয়ানগৰাকীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.