চিটাৰা ডেস্ক, 30 অক্টোবৰ: চেলিব্ৰিটি চেট ৰিয়েলিটি শ্ব’ কফি উইথ কৰণৰ অষ্টম ছিজন পুনৰ আৰম্ভ হৈছে । কৰণ জোহৰৰ এই শ্ব’টোৰ প্ৰথম অতিথি আছিল দীপিকা পাডুকন আৰু ৰণবীৰ সিং । দুয়োগৰাকীয়ে শ্ব’টোত নিজৰ ব্যক্তিগত জীৱনৰ বিষয়ে বহু কথা প্ৰকাশ কৰে ৷
ইয়াৰ পিচত দুয়োগৰাকীকে ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে সমালোচনা কৰা হয় ৷ একে সময়তে এতিয়া কৰণে তেওঁৰ শ্ব’টোৰ অতিথি দীপিকাক ট্ৰ’ল কৰাৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
-
Karan Johar the biggest Kaleshi of India.
— Sonusays (@IamSonu____) October 27, 2023 " class="align-text-top noRightClick twitterSection" data="
The name of the show should be 'Kalesh with Karan' instead of '#KoffeeWithKaran pic.twitter.com/FJejYpwuuJ
">Karan Johar the biggest Kaleshi of India.
— Sonusays (@IamSonu____) October 27, 2023
The name of the show should be 'Kalesh with Karan' instead of '#KoffeeWithKaran pic.twitter.com/FJejYpwuuJKaran Johar the biggest Kaleshi of India.
— Sonusays (@IamSonu____) October 27, 2023
The name of the show should be 'Kalesh with Karan' instead of '#KoffeeWithKaran pic.twitter.com/FJejYpwuuJ
কি ক’লে কৰণ জোহৰে ?
২৯ অক্টোবৰত ইনষ্টাগ্ৰামত অনুৰাগীৰ সৈতে লাইভ চেচন কৰিছিল কৰণ জোহৰে ৷ লাইভ চেচনত কৰণে দীপিকা পাডুকন আৰু ৰণবীৰ সিঙক ট্ৰ’ল কৰা সকলক উপযুক্ত উত্তৰ দিয়ে । কৰণে ক’লে, "আপুনি যি বিচাৰে কৰক, কাৰণ আপোনাক কোনেও চোৱা নাই । ট্ৰলিঙে আপোনাক ক’তো লৈ নাযায় ।" ইয়াৰ লগতে কৰণে অনুৰাগীক শ্ব’টোৰ আগন্তুক খণ্ডসমূহত কিছু পৰিৱৰ্তন কৰাৰ প্ৰতিশ্ৰুতিও দিয়ে ।
কিয় ট্ৰ’ল কৰা হৈছে দীপিকাক ?
দৰাচলতে শেহতীয়াকৈ দীপিকা পাডুকনে কফি উইথ কৰণত প্ৰকাশ কৰিছিল যে, তেওঁ ৰণবীৰৰ সৈতে এংগেজমেণ্টৰ পূৰ্বে তেওঁ বেলেগ ল’ৰাকো চাই আছিল । দীপিকাই কয়, "মই কিছুদিন অবিবাহিত হৈ থাকিব বিচাৰিছিলো, কাৰণ মই এটা বেয়া সম্পৰ্কৰ পৰা ওলাই আহিছিলো । মই এটা ফেজ পাৰ কৰি আহিছিলো, যাৰ বাবে মই কাৰো লগত জড়িত হ’ব বিচৰা নাছিলো, কমিট কৰিব বিচৰা নাছিলো ৷ মই কেৱল আনন্দ কৰিব বিচাৰিছিলো ৷ তাৰ পিচত ৰণবীৰ সিং মোৰ জীৱনলৈ আহিছিল, কিন্তু তেতিয়া মই তেওঁক কথা দিয়া নাছিলো ৷ অৱশ্যে তেতিয়া মই ৰণবীৰৰ উপৰিও বেলেগ ল’ৰাকো চাইছিলো কিন্তু শেষত মই ৰণবীৰৰ ওচৰলৈ ঘূৰি আহিছিলো ৷’’
সঁচা কথা কৈ বিপদত পৰিল দীপিকা
অভিনেত্ৰীগৰাকীয়ে লগতে কয়, "কাৰিকৰীভাৱে আমাক আনক লগ কৰিবলৈ অনুমতি দিলেও আমি ইগৰাকীয়ে সিগৰাকীৰ ওচৰলৈ উভতি আহিম । মইও সেই সময়ত আন কিছুমান মানুহৰ লগত ডেট কৰি আছিলো, কিন্তু মোৰ মনলৈ কেৱল ৰণবীৰহে আহিছিল । মই কেৱল ৰণবীৰৰ বাবেহে চিৰিয়াছ আছিলো ৷’’ কৰণ জোহৰৰ শ্ব’টোত দীপিকাৰ এই প্ৰকাশৰ পাচতে ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে ট্ৰ’ল হয় অভিনেত্ৰীগৰাকী ৷
লগতে পঢ়ক: Koffee With Karan 8 : পিতৃ ধৰ্মেন্দ্ৰৰ চুমাৰ দৃশ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ববী দেওল আৰু ছানী দেওলে