ETV Bharat / entertainment

Jhalak Dikhhla Jaa 10 winner: ঝলক দিখলা জা 10 ৰ বিজয়ী গুৱাহাটীৰ গুঞ্জন সিনহা - ঝলক দিখলা জা 10 2022

গুৱাহাটীৰ 8 বছৰীয়া গুঞ্জন সিনহাই ঝলক দিখলা জা 10 ৰ বিজয়ী হৈ অসমলৈ সুনাম কঢ়িয়াই আনিছে । অনুষ্ঠানটো 3 ছেপ্টেম্বৰত 15 জন চেলেব্ৰিটী প্ৰতিযোগীৰ সৈতে প্ৰিমিয়াৰ হৈছিল, য’ত বিচাৰকৰ আসনত আছিল বলীউডৰ অভিনেত্ৰী মাধুৰী দীক্ষিত, চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰ আৰু নৃত্যশিল্পী-অভিনেত্ৰী নোৰা ফাতেহী । কৌতুক অভিনেতা মনীষ পলে অনুষ্ঠানটো পৰিচালনা কৰিছিল ।

Gunjan Sinha
ঝলক দিখলা জা 10 ৰ বিজয়ী গুৱাহাটীৰ গুঞ্জন সিনহা
author img

By

Published : Nov 28, 2022, 10:28 AM IST

চিটাৰা ডেস্ক, 28 নৱেম্বৰ : গুৱাহাটীৰ আঠ বছৰীয়া গুঞ্জন সিনহাই নৃত্য ৰিয়েলিটী শ্ব’ ঝলক দিখলা জা 10 ৰ বিজয়ী খিতাপ অৰ্জন কৰে (Jhalak 10 winner)। গুঞ্জন আৰু তেওঁৰ সংগী আন এগৰাকী শিশু নৃত্যশিল্পী তেজস ভাৰ্মাই ট্ৰফী লাভ কৰি 20 লাখ টকাৰ চেক ঘৰলৈ আনে ।

অনুষ্ঠানটো 3 ছেপ্টেম্বৰত 15 জন চেলেব্ৰিটী প্ৰতিযোগীৰ সৈতে প্ৰিমিয়াৰ হৈছিল, য’ত বিচাৰকৰ আসনত আছিল বলীউডৰ অভিনেত্ৰী মাধুৰী দীক্ষিত, চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰ আৰু নৃত্যশিল্পী-অভিনেত্ৰী নোৰা ফাতেহী । কৌতুক অভিনেতা মনীষ পলে অনুষ্ঠানটো পৰিচালনা কৰিছিল ।

Jhalak Dikhhla Jaa 10 ৰ ফিনালেৰ দিনা ভেড়িয়াৰ মুখ্য তাৰকা বৰুণ ধৱন আৰু কৃতি সেনন চেলেব্ৰিটী তাৰকা হিচাপে উপস্থিত থাকে । কৃতি আৰু মাধুৰী দুয়োৱেই নৃত্য পৰিৱেশন কৰে আৰু বিগ বছ 16 ৰ আয়োজক ছলমান খানে মাধুৰীৰ সৈতে তেওঁলোক দুয়োৰে আইকনিক ছবি হাম আপকে হেইন কৌন..ৰ এটা দৃশ্য পুনৰ সৃষ্টি কৰে ।

শীৰ্ষ পাঁচগৰাকী প্ৰতিযোগী-ৰুবিনা দিলাইক, ফৈজল শেইখ, নিশান্ত ভাট, গুঞ্জন সিনহা আৰু শ্ৰীতি ঝাক ইজনে সিজনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰা দেখা গৈছিল । ডাবল এলিমিনেচন হোৱাৰ পিছত শ্ৰীতি আৰু নিশান্ত শ্ব‘টোৰ পৰা বাহিৰ হৈ যায় । ইয়াৰ লগে লগে শীৰ্ষ তিনি প্ৰতিযোগী গুঞ্জন, ফৈজল আৰু ৰুবিনাৰ মাজত প্ৰতিযোগিতাখন সীমাবদ্ধ হৈ পৰে আৰু অৱশেষত বিচাৰকসকলে গুঞ্জনক বিজয়ী ঘোষণা কৰে ( Jhalak Dikhhla Jaa 10) ।

বিভিন্ন নৃত্যৰ ৰিয়েলিটী শ্ব’ত অংশগ্ৰহণ কৰা গুঞ্জনে নিজৰ উত্তেজনা প্ৰকাশ কৰি কয় যে, "মই শ্ব'টোৰ পৰা বহুখিনি স্মৃতি উভতাই আনিছো । বহু মুহূৰ্ত আৰু স্মৃতি মোৰ মনত থাকিব । মোৰ সংগী তেজস ভাৰ্মা আৰু কৰিঅ'গ্ৰাফাৰ সাগৰ বৰাই মোক ভাল প্ৰদৰ্শন কৰিবলৈ অনুপ্ৰাণিত কৰি আছিল" ৷ তেওঁ লগতে কয় যে বিচাৰকৰ পৰাও তেওঁ বহু কথা শিকে আৰু নৃত্যৰ ক্ষেত্ৰত মাধুৰী সদায় তেওঁৰ বাবে প্ৰেৰণাৰ উৎস হৈ আহিছে ।

গুঞ্জনে লগতে জানিবলৈ দিয়ে যে আৰম্ভণিৰে পৰাই তেওঁৰ প্ৰিয় নৃত্য হিপ-হপ আৰু পাঁচ বছৰ বয়সৰ পৰাই তেওঁ নৃত্যৰ প্ৰতি আকৰ্ষিত হৈ আহিছে । এতিয়া নৃত্যৰ ক্ষেত্ৰতেই তেওঁ কেৰিয়াৰ গঢ়িব বিচাৰিছে ।

লগতে পঢ়ক : Kangana Ranaut news: Emergency ত ৰূপালী পৰ্দাত জিলিকিব অসম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.